নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নগদ ধনত পেট্ৰ’ল নিদিয়ে পেট্ৰ’ল পাম্পসমূহে। বৃহস্পতিবাৰৰ পৰা পেট্ৰ’ল পাম্পত কেৱল এটিএম কাৰ্ড যোগে পোৱা যাব ইন্ধন।

উল্লেখযোগ্য যে, বুধবাৰে আৰক্ষীৰ এক অভিযানকাৰী দলে এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল। এই ধন আছিল বাইহাটা চাৰিআলিৰ এটা ডিপুৰ। বেংকসমূহ বন্ধ থকাৰ বাবে জমা দিব পৰা নাছিল এই ধনসমূহ। দুই-তিনিদিনৰ ধন বেংকৰ শ্বিলিপসহ জমা দিব আহিছিল এগৰাকী কৰ্মচাৰীয়ে আৰু তাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটীৰ পেট্ৰ’ল পাম্পৰ মালিক এছ’চিয়েচনৰ।

মুঠ ২৩ এপ্ৰিল পৰ্যন্ত নগদ ধনযোগে পেট্ৰ’ল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ পেট্ৰ’ল পাম্পৰ মালিক এছ’চিয়েচনে।