কনক হাজৰিকা

নগাঁও

১২ জুন

নগাঁও মহাবিদ্যালয় (অট’ন’মাচ) ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন.এছ.এছ) গোট আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ যৌথ উদ্যোগত ‘গ্ৰাম্য অৰ্থ-সামাজিক ক্ষেত্ৰত ক’ভিড মহামাৰীৰ প্ৰভাৱ’ শীর্ষক অধ্যয়নে বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ পৃষ্ঠপোষকতাত আৰু এন. এছ. এছৰ প্ৰগাম অফিচাৰ ড০ ভুৱন চন্দ্র চুতীয়াৰ নেতৃত্বত মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক আৰু এন. এছ. এছ সদস্যৰ এটি ৫০ জনীয়া দলে যোৱা ২৬ এপ্রিলৰ পৰা ২৫ মে’ ২০২১ লৈ এক উচ্চ স্তৰীয় সমিতিয়ে নিৰূপণ কৰি দিয়া অনলাইন প-পত্ৰৰ যোগেদি নগাঁও জিলাৰ সাতখন, মৰিগাঁও জিলাৰ দুখন আৰু কাৰ্বি আংলং জিলাৰ দুখন গাঁৱৰ প্ৰায় ২৫০০ জনসাধাৰণক সামৰি ৫০০ ঘৰ মানুহৰ জৰীপ সম্পন্ন কৰি বিজ্ঞানসন্মতভাৱে কৰা বিশ্লেষণত গ্ৰাম্য জীৱনৰ ক’ভিড সচেতনতা, সামাজিক, অৰ্থনৈতিক নিয়োগ, জীৱন আৰু জীৱিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে।

তথ্য অনুসৰি গ্ৰাম্য অঞ্চলৰ প্ৰায় ২০ শতাংশ জনসাধাৰণ এতিয়াও ক’ভিড অতিমাৰীৰ প্ৰতি সচেতন নহয় আৰু প্ৰায় ৫০ শতাংশ গ্ৰাম্য জনসাধাৰণে এই মহামাৰী সাধাৰণ চৰ্ডি, জ্বৰ আৰু কাঁহ বুলিহে অভিহিত কৰে, যাৰ ফলত হয়তো ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে গ্ৰাম্য জীৱনত বাৰুকৈয়ে চুই গৈছে। তথ্য মতে ২০.৪ শতাংশ জনসাধাৰণ এতিয়াও ক’ভিড পৰীক্ষণৰ প্ৰতি উদাসীন আৰু ক’ভিড পৰীক্ষণ কেন্দ্রৰ প্ৰতি অৱগত নহয়। যাৰ ফলত হয়তো নিৰ্দিষ্ট সময়ত পৰীক্ষা নোহোৱাৰ বাবে সংক্রমণ আৰু লগতে মৃত্যুৰ সংখ্যাও বাঢ়িছে। গুৰুত্বপূৰ্ণভাৱে তথ্যত উন্মোচিত হৈছে যে কেৱল মাত্ৰ ১১.৩ শতাংশ গ্ৰাম্য জনসাধাৰণহে ক’ভিড মহামাৰীৰ প্ৰতি ল’ব লগা সাৱধানতা আৰু বৰ্তমান স্বাস্থ্য বিভাগৰ যিসমূহ নতুন নিৰ্দেশনা সেই সম্পর্কে জ্ঞাত। সুস্থ সামাজিক সমন্বয় আৰু যোগাযোগে মানৱ জীৱনৰ স্বাস্থ্য, মানসিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰে।

জৰীপৰ পৰা উন্মোচিত হৈছে যে ক’ভিড মহামাৰীয়ে গ্ৰাম্য জীৱনৰো জীৱন ধাৰণ প্ৰক্ৰিয়াত বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে। তথ্যত প্ৰকাশ পোৱা মতে গ্ৰাম্য জীৱনৰ প্ৰায় ৬৪.২ শতাংশ জনসাধাৰণ ক’ভিড মহামাৰীৰ ভয়াবহতাতকৈয়ো নিজৰ কৰ্মসংস্থান হেৰুৱা, উপাৰ্জন আৰু অন্য জীৱন জীৱিকাৰ ক্ষেত্রত হোৱা বাধাৰ বাবেহে তীব্র মানসিক চাপত ভুগিছে। ৰেচন কাৰ্ডৰ যোগেদি চৰকাৰৰ পৰ্যাপ্ত খাদ্য সামগ্রী উপলব্ধ যদিও ২২.৬ শতাংশ জনসাধাৰণে খাদ্য সামগ্রী নাটনিৰ কথা অৱগত কৰে। তথ্য মতে প্ৰায় ৪১.৫ শতাংশ জনসাধাৰণহে ক’ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈছে। নগাঁও কলেজ এন. এছ. এছ গোটে সম্পন্ন কৰা এই অধ্যয়নৰ পৰা প্ৰতিফলিত হৈছে যে গ্ৰাম্যাঞ্চলত এতিয়াও জনসাধাৰণে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সম্পূর্ণভাৱে পালন কৰা নাই। সম্পূর্ণভাৱে মাক্স পৰিধান, সামাজিক দূৰত্ব, বজাৰ আৰু ৰাজহুৱা স্থান আদিত এতিয়াও জনসমাগম পৰিলক্ষিত হয়।

গুৰুত্বপূৰ্ণভাৱে তথ্যত প্ৰকাশিত হয় যে গ্ৰাম্য জনসাধাৰণে (২০ শতাংশ) তেওঁলোকৰ দৈনন্দিন জীৱন-যাপন, খাদ্য আদি পূৰ্বতকৈ বহু পৰিমাণে সীমিত কৰিবলৈ বাধ্য হৈছে। বহু জনসাধাৰণে উপাৰ্জনৰ অভাৱত লোন আদি লৈয়ো জীৱিকা নিৰ্বাহ কৰিব লগা হৈছে। প্ৰায় ৮১.১ শতাংশ জনসাধাৰণে ব্যক্ত কৰে যে তেওঁলোকে থলুৱাভাৱে ভিটামিন চি উৎস হিচাপে ফলৰ ৰস, নেমুৰ লগতে গৰম পানীৰ ব্যবহাৰ, আদা আৰু হালধী আদি গ্ৰহণ কৰে। এই অধ্যয়নৰ দ্বাৰা নগাঁও মহাবিদ্যালয়ে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ অভিযান চলাইছে। তদুপৰি নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ গোটৰ দ্বাৰা গ্ৰাম্য অঞ্চলত আৰু ক’ভিডৰ যুদ্ধৰ লগত জড়িত সুৰক্ষা কৰ্মীৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু মাক্স প্ৰদান কৰি থকা হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যাপক মানস জ্যোতি নিৰ্মলীয়াই উল্লেখ কৰে।