মানকাচৰ

১৩ জুন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ২ নং পুৱেৰ গাঁৱত দেওবাৰে ৰাতিপুৱা প্ৰায় ৫ বজাত আৰক্ষী আৰু চিআৰপিএফে যৌথভাৱে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চান্দ ৰয় আৰু আৰক্ষীৰ উপ পৰিদৰ্শক সন্তোষ কুমাৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে।

আৰক্ষীয়ে মানকাচৰৰ কামাখ্যাস্থিত ৪৮-এ বি এন চিআৰপিএফ সহযোগত ২ নং পূবেৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। এক গোপন খবৰৰ ভিত্তিত গাঁওখনৰ মধু মিঞাৰ পুত্ৰ হাবিবুল ইছলামৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে মুঠ ৪৩২ টা নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে হাবিবুল ইছলামক কৰায়ত্ব কৰি থানাত অনাৰ পিছত জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ হাবিবুল ইছলামক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰিব বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয় জানিবলৈ দিয়ে। উল্লেখ্য যে ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে।