জোনমণি বেগম

বিশ্বনাথ

১৯ মে’

কিমান বেদনাদায়ক হ’ব পাৰে এজন পুত্ৰৰ বাবে যি নিজৰ পিতৃৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ বাধাপ্ৰাপ্তৰ সন্মুখীন হ’বলগীয়া হয় ? কালৰূপী ক’ভিডে আৰু কিমান তাণ্ডৱ চলাব? প্ৰকৃতিৰ এই ভয়ানক তাণ্ডৱৰ কাষত ক্ৰমে হাৰ মানবলৈ গৈছে নেকি মানবীয়তাই ? তেনে এক পৰিৱেশ দেখিবলৈ পোৱা যায় বিশ্বনাথ জিলাৰ বিহালীত।

সময় সন্ধ্যা ৭ বাজি ৪৫ মিনিট৷ এজন যুৱকে কান্দিছে কাৰণ যুৱকজনৰ পিতৃৰ মৃতদেহ সৎকাৰ কৰিবলৈ নিদিয়ে ৰাইজে৷ ৰাইজৰ সন্দেহ ক’ভিড আক্ৰান্ত ৰোগীৰ মৃতদেহ সৎকাৰ কৰিলে বিয়পিব পাৰে ক’ভিড৷ পিতৃৰ মৃতদেহ সন্মুখত লৈ অসহায় দুৰ্ভগীয়া পুত্ৰই কেৱল কান্দিছে আৰু কান্দিছে। বিহালীৰ ভিমলাল উপাধ্যায় নামৰ এজন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাণ হেৰুৱাইছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কতৃপক্ষই ব্যক্তিজনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে শেষ কৃত্য সমাপনৰ বাবে৷ চৰকাৰী নিয়ম মানি পৰিয়ালৰ লোকে ব্যক্তিজনৰ নশ্বৰ দেহ পঞ্চভূতত বিলিন কৰাৰ উদেশ্যে বৰগাং নদীৰ বালি চাপৰিত উপস্থিত হয়৷ তাৰ পিছতে লাগিল হুৱাদুৱা৷ বৰগাং নদীৰ পাৰত বাস কৰা কুঁহিয়াৰবাৰী গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতি৷ মৃতকৰ পৰিয়ালক মৃতদেহ সৎকাৰ কৰিবলৈ বাধা দিয়ে স্থানীয় ৰাইজে৷

অৱশেষত জিনজিয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক সৰোজ উপাধ্যায় বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ চেতিয়া তথা জিনজিয়া আৰক্ষীৰ উপ আৰক্ষী বিষয়া ৰহেন্দ্ৰ বাগলাৰীৰ লগতে সাংবাদিকৰ তৎপৰতাত লালপানীৰ নিৱাসী মৃত ভিমলাল উপাধ্যায় নামৰ ব্যক্তিজনৰ নশ্বৰ দেহ সৎকাৰ কৰিবলৈ সক্ষম হয় পুত্ৰ টিকাৰাম উপাধ্যায়ে৷ আৰক্ষী বিষয়া থানেশ্বৰ চেতিয়াই সমগ্ৰ সৎকাৰস্থলী চেনিটাইজেছন কৰাৰ পাছতহে সৎকাৰ কৰিব দিয়ে মৃতদেহ৷