গুৱাহাটী

২০ মে’

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তিনি হাজাৰ লোকক মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত প্ৰয়োজনীয় এই সামগ্ৰী সমূহ বিতৰণ কৰিছে ডঃ দিব্যজ্যোতি শইকীয়াই। ক’ভিডৰ পৰা নিজৰ লগতে সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰিবলৈ ৰাইজৰ মাজত ক’ভিড সম্পৰ্কীয় সজাগতাও চলাই গৈছে মানৱ অধিকাৰ তথা সমাজ কৰ্মী গৰাকী।

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো মাৰাত্মক ক’ভিড সংহাৰী ৰূপ ধাৰণ কৰিছে।

ক’ভিডৰ সংক্ৰমণৰ হাৰ ৰোধ কৰাৰ বাবে ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত লকডাউন চলি থকাৰ মাজতে অসমতো ৰাজ্য চৰকাৰে দুপৰীয়া ১২ বজাৰ পৰা ৰাজ্যজুৰি সান্ধ্য আইন ঘোষণা কৰিছে। মহাসংকটৰ এই সময়ছোৱাত এফালে যদি চৰকাৰে ৰাইজক ক’ভিডৰ পৰা ৰক্ষা কৰাৰ লগতে আক্রান্ত লোক সকলক উপযুক্ত চিকিৎসা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে যদি আনফালে বহু সচেতন ৰাইজে ওলাই আহিছে মানৱ জাতিৰ সহায়ৰ বাবে।

ভয়াবহ সংকটৰ এই সময়ত একাংশ মানৱতাবাদী হৃদয়বান লোকে আর্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে। ক’ভিডৰ প্ৰথমটো ঢৌৰ দৰে দ্বিতীয়টো ঢৌৰ এই সময়ছোৱাতো অসমৰ আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, মানব অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই ব্যক্তিগত প্ৰচেষ্টাৰে দেশ তথা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ মাজত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে, মাস্ক, চেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰি আহিছে।

বিগত চাৰিদিন ধৰি মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই লখিমপুৰ জিলাৰ লালুক, হাৰমতি, নাওবৈছা, ফুলবাৰী আদি অঞ্চলৰ লগতে অসম অৰুণাচল সীমান্তৰ প্ৰায় ৩২০ টাকৈ পৰিয়ালক উক্ত সামগ্ৰী বিতৰণ কৰাৰ লগতে ক’ভিডৰ পৰা নিজৰ লগতে সমাজখনক কেনেকৈ মুক্ত কৰি ৰাখিব এই সন্দৰ্ভতো সজাগতা অভিযান চলাই আছে। উল্লেখ্য যে ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়তো ডঃ দিব্যজ্যোতি শইকীয়াই আর্তজনক কাষত থিয় হৈ খাস্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী বিতৰণ কৰিছিল।