কলগাছিয়া, ২০ আগষ্টঃ বৰপেটাৰ কলগাছিয়াত অসম সমন্বয় সাহিত্য পৰিষদৰ উদ্যোগত কবিতাৰ উমেৰে এদিন পালন কৰা হয়। কলগাছিয়াৰ নৱোদয় পুথিভড়ালত দিনৰ ১২ বজাত নৱ প্ৰজন্মৰ মাজত সাহিত্য চৰ্চ্চাৰ বহল প্ৰচাৰ আৰু কলমৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ লগতে নতুন সাহিত্যিকৰ সৃষ্টি কৰাৰ উদ্দেশ্যে বিশিষ্ট কবি সাহিত্যিকৰ উপস্থিতিত কবিতাৰ উমেৰে এদিন পালন কৰা হয়। অনুষ্ঠানটোৰ জৰিয়তে সংগঠনটোৱে আৰম্ভ কৰিছে সাহিত্যিক নিৰ্মাণ অভিযান। অসম সমন্বয় সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি জাহিদুল ইছলামৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সম্পাদক প্ৰধান শ্বাহানুৰ ইছলামে। অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট কবি মোঃ মোস্তাফিজুৰ ৰহমান, কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আব্দুৰ ৰৌফ ফাৰুকী, বিশিষ্ট সাংবাদিক দোস্তঃ হাফিজুৰ ৰহমান, নিৰক্ষৰ কবি হাবিল উদ্দিন, কবি আমিৰ হুছেইনৰ লগতে ভালে সংখ্যক উদয়ীমান কবি তথা স্থানীয় লোক।