ৰঙিয়া, ২০আগষ্টঃ ৰঙিয়াৰ ৰাজহুৱা বাছ ষ্টেণ্ডত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ পৰা চহৰখনক ৰক্ষা কৰা ক্ষুদ্ৰ ব্যৱসায়ী বাসু চন্দ্ৰক সম্বর্ধনা জনোৱা হয়। উল্লেখ্য যে ৰঙিয়াৰ ৰাজহুৱা বাছ ষ্টেণ্ডত অলপতে নিশা প্ৰায় ৩ বজাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই কম সময়ৰ ভিতৰতে তিনিখন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান গ্ৰাস কৰে। বাছ ষ্টেণ্ডত প্ৰতিদিনে নিশা চাৰি চকীয়া ঠেলা গাড়ীত চাহ-বিস্কুট বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰা বাসু চন্দ্ৰই অগ্নিকাণ্ড দেখাৰ লগে লগে স্থানীয় ৰাইজক খবৰ দিয়ে। স্থানীয় লোকে লগে লগে অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপন বাহিনী আহি জুই নুমোৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ স্থানৰ ওচৰৰ দুখনত হোটেল আৰু ওচৰতে থকা কেইবাটাও পৰিয়ালত প্ৰায় ৩০ টা গেছ ভৰ্ত্তি চিলেণ্ডাৰ আছিল। বাসু চন্দ্ৰৰ  বিশেষ তৎপৰতাৰ বাবেই সমগ্র ৰঙিয়া চহৰখন এই ভয়াবহ  অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে আৰু বহু লোকৰ ঘৰ-সম্পত্তি, জীৱন ৰক্ষা পৰে। ৰঙিয়া মাহিন্দ্ৰী কমপ্লেক্সত অনুস্থিত সম্বর্ধনা অনুষ্ঠানত বাসু চন্দ্ৰক শ্যামসুন্দৰ আগৰৱালা, দিপু সৰকাৰ আৰু ৰতন দেয়ে উপহাৰে বাসু চন্দ্ৰক সম্বর্ধনা জনায়। অনুস্থানত ৰঙিয়া মহকুমা প্ৰেছ এছচিয়েশ্বনৰ সাধাৰণ সম্পাদক আৰু সাংবাদিক পৰিষদৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ  সাধাৰণ সম্পাদক ৰবিন দাসৰ লগতে বহু কেইজন ব্যৱসায়ী আৰু স্থানীয় লোক উপস্থিত থাকে।