কলগাছিয়া, সংবাদ ৩৬৫, ৬ ফেব্রুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াত বুধবাৰে যুৱ কংগ্ৰেছৰ উদ্যোগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাৰদা আৰু লুই বাৰ্জৰ কেলেংকাৰীত জড়িত থকাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অনা অভিযোগৰ প্ৰতি ভিত্তি কৰি তেওঁৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিকৃতি দাহ কৰাৰ পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়াৰ উপৰিও হিমন্ত বিশ্বক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।