বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২১ জানুৱাৰী: কামৰূপৰ কলমণিত ৭০ সংগঠনে আৰ এচ এচ ৰ সৈতে সমুখ সমৰত নামিব বিচৰা হুংকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰ এচ এচ ৰ সৈতে ৰণ কৰিব বিচৰা সকল হিন্দুৰ শত্ৰু। হিন্দুৰ সৈতে ৰণ কৰিব বিচৰা সকল মোগল। সোমবাৰে পুনৰ ৭০ সংগঠনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ কলমণিৰ শ্ৰী শ্ৰীকুৰ্ম মাধৱ দেৱালয়ৰ মণিকূট নিৰ্মাণৰ্থে শুভ শিলান্যাস অনুষ্ঠানটি উদ্ধোধন কৰি চোকা ভাষাৰে ৭০ সংঠনক ক্ষুৰধাৰ সমালোচনা কৰি আৰ এচ এচ ৰ সৈতে সমুখ সমৰত নামিব বিচৰা সংঠনটোক কাশ্মীৰলৈ যোৱাৰ আহ্বান জনায় মন্ত্রী গৰাকীয়ে । লগতে অাৰ এচ এচ ৰ সৈতে ৰণ কৰিব বিচৰা সকল হিন্দুৰ শত্ৰু বুলিও আখ্যা দিয়ে বিত্ত মন্ত্ৰী গৰাকীয়ে। অানকি হিন্দুৰ সৈতে ৰণ কৰিব বিচৰা সকলক মোগল বুলি অভিহিত কৰি মন্ত্ৰী শৰ্মাই সেই সকলক পাকিস্তানী বুলি অভিহিত কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানটিত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাকে ধৰি বিভিন্ন জন উপস্থিত থাকে ।