তামুলপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰী: মধ্যাহ্ন ভোজন আঁচনিটো এন জি ওক নিদিয়াৰ বাবে মংগলবাৰে দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈ এক তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে। তামুলপুৰ শিক্ষা খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদকাৰীসকলে এন জি ও গো বেক, আমাৰ কাম আমাক লাগিবই, তেজপিয়া এন জি ও হুঁচিয়াৰ, তামুলপুৰ আঞ্চলিক মধ্যহ্ন ভোজন কৰ্মচাৰী জিন্দাবাদ, খেদ ঔ খেদ এন জি ও খেদ, দুখীয়া ৰান্ধনীৰ পেটৰ ভাত কাঢ়িখোৱা এন জিও গো বেক আদি শ্লোগানেৰে তামুলপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয় উত্তাল কৰি তোলে। উল্লেখযোগ্য যে ২০০৫ চনৰ পৰা বৰ্তমানলৈ ৰান্ধনী সকলে কাম কৰি আছে তেনেস্থলত মধ্যাহ্ন ভোজন আঁচনিটো এন জি ওক নিয়াৰ বাবে তামুলপুৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।