কলিয়াবৰ, সংবাদ ৩৬৫, ১ এপ্ৰিল : কংগ্ৰেছে সদায় সংঘাতৰ ৰাজনীতি কৰি অাহিছে । কংগ্ৰেছে ৫৫ বছৰ ধৰ্মীয় সংখ্যালঘূক প্ৰতাৰনা কৰি অাহিছে । সংখ্যালঘূ ছাত্ৰী সকলক কংগ্ৰেছে শিক্ষাৰ ক্ষেত্ৰত একোৱেই নকৰিলে । কিন্তু বিজেপি চৰকাৰে অাঢ়ৈটা বছৰত সংখ্যালঘূ অঞ্চলত ৯ খন ছোৱালী বিদ্যালয়ৰ লগতে ২১খন অাৱাসিক বিদ্যালয়ৰো নিৰ্মান কাৰ্য চলি অাছে ।

কংগ্ৰেছৰ ৫৫ বছৰীয়া কাৰ্যকালত অসমত মাত্ৰ ১৩ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছিল । কিন্তু নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীত্বৰ পাঁচ বছৰীয়া কাৰ্যকালত অসমত ১০ হাজাৰ কিলোমিটাৰ পথ পকীকৰন সম্পূৰ্ণ হয় । এয়াই হৈছে পৰিবৰ্তন। সেয়ে নৰেন্দ্ৰ মোদীক অাকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ কলিয়াবৰ সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দিবলৈ সকলোকে অাহবান জনায় । সোমবাৰে ধিঙত অনুস্থিত হোৱা নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত এনেদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

আনহাতে, সভাত ভাষণ প্ৰদান কৰি কেশৱ মহন্তই মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ অাহবান জনায় উপস্থিত ৰাইজক । লগতে উক্ত সভাতে অাকৌ গৌৰৱ গগৈক অাক্ৰমন কৰি মনিমাধৱ মহন্তক ভোট দিবলৈ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিশাল সভাত ।