বকো, সংবাদ ৩৬৫, ২ এপ্ৰিল : ভোট বৰ্জনৰ ভাবুকি দিলে ৰাইজে ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিজয়া বাইদেউ হায় হায় ধ্বনিৰে উত্তাল হ’ল ব্ৰহ্মপুত্ৰৰ পাৰ ৷ সাংসদ পু্জিৰ এটকাও কাম নকৰিলে বিজেপিয়ে ৷ যোৱা ১০ বছৰত এদিনো খোজ নপৰিল এটা সমষ্টিত।

এয়া হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বকো বিধান সভা সমষ্টিৰ সোণতলীৰ ৷ সোণতলীৰ পানীখাইটি অঞ্চলত দিনে নিশাই অব্যাহত আছে খহনীয়া ৷ বাৰিষা কি খৰালী ব্ৰহ্মপুত্ৰৰ বুকুত যাহ গৈছে প্ৰতিদিনে গাওঁৰ লগতে চৰকাৰী অনুস্থান ৷

ব্ৰহ্মপুত্ৰৰ গঢ়া খহনীয়াত জাহ গল ইতিমধ্যে চাৰিখনকৈ চৰকাৰী বিদ্যালয়, নৈৰ বুকত উটি গল কোটি টকাৰ চিকিৎসালয় ৷ উচন হল শশ বিঘা খেতিমাতি উতুৱাই নিলে আপোন ঘৰখন ৷ এতিয়া আশ্ৰয়লৈ আছে আনৰ ঘৰত ৷

বিগত দহ বছৰে এবাৰো খবৰ লোৱাৰ সময় নহল সাংসদ বিজয়া চক্ৰবৰ্ত্তীৰ ৷ এবাৰো খবৰ লোৱাৰ আহৰি নাপালে বিজেপি বাইদেউৱে ৷ যাৰ ফলত ক্ষোভিত হৈ নদীৰ পাৰতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই সকল দুৰ্ভোগীয়া ৰাইজে ।