কুন্দন ভৰালী

নগাঁও

২৮ অক্টোবৰ

শিৱসাগৰত ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকে কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনাৰ পিছত এইবাৰ নগাঁৱত পেট্ৰল পাম্পৰ মেনেজাৰে প্ৰহাৰ কৰিলে কৰ্মচাৰীক। ঘটনাকলৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। ৰাইজে ৰাজপথৰ ওপৰত কানত ধৰি আঁঠু কঢ়ালে পেট্ৰল পাম্পৰ মেনেজাক।

নগাঁৱত পেট্ৰল পাম্পৰ মেনেজাৰৰ দপদপনি। পেট্ৰল পাম্পত কৰ্মৰত যুৱকৰ পেট্ৰল পাম্পৰ মেনজাৰৰ প্ৰহাৰ। নগাঁৱৰ ডিমৰুগুৰিৰ মেচাৰ্ছ লক্ষ্মী ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰল পাম্পত পুৱাৰ ভাগত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পেট্ৰল পাম্পৰ কৰ্মচাৰী এজনক পেট্ৰল পাম্পৰ মেনেজাৰে মাৰপিট কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে মেচাৰ্ছ লক্ষ্মী ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰল পাম্পত কৰ্মৰত হীৰকজ্যোতি বৰা নামৰ এজন কৰ্মচাৰীক পেট্ৰল পাম্পৰ মেনেজাৰে সাধাৰণ কথাতে বেয়াকৈ মাৰপিট কৰে। মেচাৰ্ছ লক্ষ্মী ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰল পাম্পৰ মেনেজাৰে মদনলাল শৰ্মাই কৰ্মচাৰী জনক প্ৰহাৰ কৰাকলৈ স্থানীয় ৰাইজে ক্ষোভিত হৈ পেট্ৰল পাম্পত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে মদনলাল শৰ্মাক ৰাজপথৰ ওপৰত আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত পেট্ৰল পাম্পত আৰক্ষী উপস্থিত হৈ মদনলাল শৰ্মাক আটক কৰে।

উল্লেখ্য যে মঙলবাৰে শিৱসাগৰৰ দলমুখ চাৰিআলিৰ ৰিয়েল বজাৰ নামৰ ব্যৱসায়ীক প্ৰতিস্থানটোত ম্যাদ ওকলা সামগ্ৰী বিক্ৰী কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ মালিকে কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰিয়েল বজাৰ নামৰ প্ৰতিস্থানটো বন্ধৰ দাবীত কেইটাও সংগঠনে উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰিছিল৷ বীৰ লাচিত সেনা, অনুসুচীত জাতি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি ৰিয়েল বজাৰ নামৰ প্ৰতিস্থানটো বন্ধ কৰি দিয়াৰ দাবী উত্থাপন কৰি উত্তপ্ত কৰি তুলিছিল শিৱসাগৰ চহৰ।