আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৮ অক্টোবৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ কোম্পানী কাৰ্যালয়তো অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰী সকলে একাধিক দাবী হাতত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকল। বিদ্যুৎ বিভাগৰ ব্যক্তিগতকাৰণে কেৱল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলৰ বাবেই নহয় ৰাইজৰ বাবেও বিপদঘণ্টা বজাব। কিয়নো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত ৰেহাই মূল্যত বিদ্যুৎ যোগান ধৰি অহা বিভাগটো ব্যক্তিগত খণ্ডৰ হাতলৈ গলে ৰেহাই মূল্যৰ বিদ্যুৎ বিতৰণৰ মুদা মৰিব।চৰকাৰী ৰেহাই মূল্যত বিদ্যুৎ যোগান লাভ কৰা বহু ক্ষুদ্ৰ উদ্যোগৰ লগতে চৰকাৰী ৰেহাই মূল্যত বিদ্যুৎ সেৱা লাভ কৰা বহু দুখীয়া লোকৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব বুলি বিদ্যুৎ বিভাগৰ প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে মন্তব্য কৰে। বিদ্যুৎ বিভাগৰ ব্যক্তিগতকৰণে কৰ্মচাৰী সকলৰো স্বাৰ্থত আঘাট হানিব বুলিও প্ৰকাশ কৰে বিভাগটোত কৰ্মচাৰী সকলে।

বিদ্যুৎ বিভাগৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বিভাগটোৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ নিয়োগ নিশ্চিত কৰা, খালী পদ সমূহ পূৰণ কৰা, সংশোধীত বিদ্যুৎ বিধেয়ক ২০২০ বাতিল কৰা আদি বিষয় সমূহৰ ওপৰটো কৰ্মচাৰী সকলে প্ৰতিবাদ সাৱস্ত্য কৰে। বিভাগটোৰ কৰ্মচাৰী সকলে এনে নাৰ্য প্ৰতিবাদত ৰাইজক অংশগ্ৰহণ কৰিবলৈও আহবান জনায়।