আজিজ আলী

নলবাৰী

২ এপ্ৰিল

নলবাৰী জিলাৰ ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুৰিহাৰমাৰীৰ বাসিন্দা জাফৰ আলীৰ গৃহত নিশা অতর্কিতে আক্ৰমণ প্রায় ২০০-২৫০ জনীয়া এটি দলে। আক্ৰমণকাৰী দলটোক বিজেপি কৰ্মী আনাৰ আলীয়ে নেতৃত্ব দিয়াৰ অভিযোগ। প্ৰাণৰ শংকাত পৰিয়ালটোৱে নিশাৰ ভাগত বেলেগৰ ঘৰত আত্মগোপন কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে।

আক্ৰমণৰ বলি হোৱা জাফৰ আলীৰ পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে যে কেৱলমাত্ৰ কংগ্ৰেছ দলক সমৰ্থন কৰাটোৱেই আছিল তেওঁলোকৰ অপৰাধ। যাৰ বাবে পেছাত গেলামালৰ দোকানী জাফৰ আলীৰ গৃহত নিশাৰ ভাগত আক্ৰমণকাৰী দলটো প্ৰৱেশ কৰি দেগাৰ আৰু লাঠিৰে পৰিয়ালটোৰ সদস্য সকলক আক্ৰমণ। দলটোৱে জাফৰ আলীৰ পুত্ৰ শ্বাহজামাল হকক লাঠিৰে আক্ৰমণ কৰাত শ্বাহজামাল হকৰ পত্নী মনোৱাৰা খাতুনে বাধা দিয়াত শ্বাহজামাল হকৰ পত্নীকো দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে আনকি ডেৰ বছৰীয়া কেঁচুৱাকো আক্ৰমণৰ লক্ষ্য কৰি লয় বুলি পৰিয়ালটোৱে অভিযোগ কৰে।
দুৰ্বৃত্তৰ দলটোৱে জাফৰ আলীৰ গৃহৰ পৰা গেলামালৰ দোকানৰ সামগ্ৰী বিক্ৰী কৰি লাভ কৰা নগদ ডেৰ লাখ টকাও লুটি নিয়ে বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে। আক্ৰমণকাৰী দলটোত ৰাবিয়াল আলী, মহুৰ উদ্দিন আৰু ফকৰ আলী নামৰ লোক কেইজন থকা বুলিও জানিবলৈ দিয়ে পৰিয়ালটোৱে।

বৰ্তমানেও পৰিয়ালটোক ভয়-ভাবুকি প্ৰদান কৰি থকা বুলি পৰিয়ালটোৱে অভিযোগ কৰিছে। পৰিয়ালটোৰ সদস্যসকলে প্ৰাণৰ শংকাত ভুগি প্ৰাণৰ মমতাত পৰিয়ালটোৰ পুৰুষ সদস্য জাফৰ আলী আৰু তেওঁৰ পুত্ৰই নিশা হ’লে আনৰ ঘৰত আত্মগোপন কৰি থাকিবলগীয়া হৈছে। পৰিয়ালটোৱে জিলা উপায়ুক্তক উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে।