গুৱাহাটী

৫ এপ্ৰিল

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি ক্রমে ৫১ নং জালুকবাৰী, ৫২ নং দিছপুৰ, ৫৩ নং পূৱ গুৱাহাটী আৰু ৫৪ নং পশ্চিম গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পর্যায়ৰ ভােট গ্রহণ। এই ভােট গ্রহণ প্রক্রিয়াৰ বাবে সােমবাৰে মহানগৰীৰ বেতকুছিত অৱস্থিত মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ পৰা যাৱতীয় সামগ্রীসমূহ লৈ নিয়ােজিত বিষয়া-কৰ্মচাৰীসকল নির্ধাৰিত ভােট গ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। উল্লেখযােগ্য যে জিলাখনৰ ৪ টা সমষ্টিৰ মুঠ ১,৭০৭ টা ভােট গ্রহণ কেন্দ্রত মঙলবাৰে ভােটগ্রহণ অনুষ্ঠিত হ’ব।

ইয়াৰে জালুকবাৰী সমষ্টিত ২৯৭ টা, দিছপুৰ সমষ্টিত ৬০৭ টা, পূৱ গুৱাহাটী সমষ্টিত ৩৪০ টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৫০ টা ভােট গ্রহণ কেন্দ্র আছে। এই ভােট গ্রহণ কেন্দ্রসমূহৰ বাবে নিয়ােজিত কৰা হৈছে ১,৭০৭ গৰাকী প্রিজাইডিং বিষয়া, ৫,১২১ গৰাকী পলিং বিষয়া আৰু প্ৰতিটো কেন্দ্রতে দুগৰাকীকৈ নিৰাপত্তাৰক্ষী। জিলাখনৰ জালুকবাৰীত ১০ টা, দিছপুৰত ২৫ টা, পূৱ গুৱাহাটীত ৬৫ টা আৰু পশ্চিম গুৱাহাটীত ২০ টা ভােট গ্রহণ কেন্দ্রকে ধৰি মুঠ ১২০ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ মুঠ ১১,৫২,৪৮৭ গৰাকী ভােটাৰৰ ভিতৰত ৫,৬৯,৪৩৭ গৰাকী পুৰুষ আৰু ৫,৮৩,০০৬ গৰাকী মহিলা ভােটাৰ। সমষ্টি ভিত্তিত ভােটাৰৰ সংখ্যা হৈছে জালুকবাৰী সমষ্টিত ১,০০,৩৭৮ গৰাকী পুৰুষ আৰু ১,০৪,০২৫ গৰাকী মহিলা, দিছপুৰ সমষ্টিত ২,০৪,১৩৪ গৰাকী পুৰুষ আৰু ২,০৭,৪৮৯ গৰাকী মহিলা, পূৱ গুৱাহাটী সমষ্টিত ১,১৮,৩৮৫ গৰাকী পুৰুষ আৰু ১,২১,১১২ গৰাকী মহিলা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ১,৪৬,৫৪০ গৰাকী পুৰুষ আৰু ১,৫০,৩৮০ গৰাকী মহিলা ভােটাৰ। ইয়াৰ উপৰি ৪৪ গৰাকী আছে তৃতীয় লিংগৰ ভােটাৰ। আনহাতে, জিলাখনত মুঠ ৩৭ টা ভােট গ্রহণ কেন্দ্র আদর্শ ভােট গ্রহণ কেন্দ্র হিচাপে গঢ়ি তােলা হৈছে। ইয়াৰে জালুকবাৰীত ৮, দিছপুৰত ৮, পূৱ গুৱাহাটীত ১৬ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৫ টা আদর্শ ভােটগ্রহণ কেন্দ্র আছে।

তেনেদৰে জটিল ভােট গ্রহণ কেন্দ্র হিচাপে চিহ্নিত কৰা হৈছে মুঠ ৬৭ টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰ জালুকবাৰীৰ ২৬ টা, দিছপুৰৰ ৯ টা, পূৱ গুৱাহাটীৰ ২ টা আৰু পশ্চিম গুৱাহাটীত ৩০ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। অতিৰিক্তভাৱে জিলাখনৰ দিছপুৰ সমষ্টিত ৫ টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ১০ টা অস্থায়ী ভােট গ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। উল্লেখযােগ্য যে মঙলবাৰে জিলাখনৰ চাৰিটা সমষ্টিত ৪৩ গৰাকী প্রার্থী নির্বাচনী প্রতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। ইয়াৰে ১৮ গৰাকী নির্দলীয় প্রার্থী।