ফজলুৰ ৰহমান

সোণতলী

৬ এপ্ৰিল

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈছে। তৃতীয় তথা অন্তিম পৰ্যায়ত ৪০ টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি ভোট গ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ভিতৰত আছে কামৰূপ জিলাৰ বকো সমষ্টি।বকো সমষ্টিৰ ১০১ নং সেলেসুঁতি এল পি স্কুলত পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া।

আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোট কেন্দ্ৰসমূহৰ বাহিৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। পুৱাই নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ। পুৱাই ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ১০১ নং সেলেসুঁতি এল পি স্কুলৰ ভোট কেন্দ্ৰত দীঘলীয়া শাৰীত থিয় হৈ ভোটদান কৰে ভোটাৰ ৰাইজে।

সম্পূৰ্ণ কভিড প্ৰ’টকল মানি মুখত মাস্ক আৰু হাতত গ্লোভচ পিন্ধি ভোটাৰ ৰাইজে ভোটদান কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।