গুৱাহাটী, সংবাদ ৩৬৫,২৭ ফেব্ৰুৱাৰী: গভীৰ ৰাজনৈতিক সংকট আৰু অনিশ্চয়তাৰ মাজেৰে অৱস্থান গ্ৰহণ কৰা অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বাস্তৱসন্মত সমাধানৰ পথ পৰিলক্ষিত হোৱা নাই। ভাষা আন্দোলনৰ পৰা আদি কৰি ছয় জাতিৰ জনজাতিকৰণ, নদী বান্ধ,নাগৰিকত্ব আদি বিভিন্ন সমস্যাই অসমক জৰ্জৰিত কৰি আহিছে। কিন্তু এই সমস্যাবোৰৰ সমাধান গণতান্ত্ৰিকভাৱে কৰিবলৈ কোনো এটা ৰাজনৈতিক শক্তিয়েই সক্ষম হোৱা নাই। সেয়ে মংগলবাৰে জনজাতি সংগঠণসমুহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত মহানগৰীৰ মাছখোৱাস্হিত আই টি এ প্ৰকল্পত ১৪ টা জনগোষ্ঠীয় সংগঠণৰ উপস্হিতিত অনুস্হিত অভিবৰ্তনত এটি ৰাজনৈতিক দল গঠণ কৰা হয় ।দলটোৰ নাম ‘ট্ৰাইবেল পলিটিকেল একচন কমিটি ,অসম । আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই এই দল গঠন কৰা বুলি জনায় সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে ।

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি,অসমৰ আহ্বানত আই টি এ প্ৰকল্পত আদিত্য খাখলাৰীৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ জনজাতীয় অভিবৰ্তনে অসমৰ বৰ্তমান ৰাজনৈতিক সংকট অতি উদ্বেগজনক আৰু বিপদজনক কিন্তু একেটা সময়তে ই এক তেওঁলোকৰ বাবে সুযোগ বুলি অভিহিত কৰে।বিপদ জনক এইকাৰণেই যে এনে ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ অনাকাংক্ষিত ৰাজনৈতিক শক্তিয়ে অসমত খোপনি পুতি অসমৰ স্বাৰ্থ আৰু অধিকাৰত আঘাত কৰিছে। সেয়েহে পৰিস্থিতিৰ গুৰুত্ব উপলদ্ধি কৰি সকলোৰে মাজত থকা ভেদাভেদ পৰিহাৰ কৰি এক বৃহত্তৰ গণ স্বাৰ্থ জড়িত উমৈহতীয়া কৰ্মসূচী,লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি ঐক্যবদ্ধ হোৱাৰ বাবেই এই অভিবৰ্তন এক প্ৰাৰম্ভিক প্ৰয়াস বুলি দলটোৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে সোমবাৰে কালপুৰুষ পঞ্জীকাই ভৱিষ্যত বাণী কৰিছিল অসমত এক নতুন ৰাজনৈতিক দল গঠন হব। সঁচাকৈয়ে যেন কালপুৰুষৰ ভৱিষ্যত বাণী ফলিয়ালে। এতিয়া আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলক নতুন ৰাজনৈতিক দলটোৱে কিদৰে প্ৰত্যাহ্বান জনায় সেয়াহে হব লক্ষণীয়।