বাক্সা, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী : ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ঘটনাক উষ্মা আদৰনি জনাইছে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ৷ দৈমাৰীয়ে বুধবাৰে তামুলপুৰ কলবাৰীৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ সদায় শত্ৰুপক্ষৰ সতে যুঁজ দিয়াৰ বাবে ভাৰতীয় সেনা বাহিনীক সাহস দি কয় যে আমি ভাৰতৰ সকলো জনসাধাৰন ভাৰতীয় সেনা বাহিনীৰ লগত আছো ৷

ইয়াৰোপৰি,বুধবাৰৰ ৰাতিপুৱাৰ ভাগতে অসমৰ পৰ্যটনবিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত হৈ শ্বহীদৰ পৰিয়ালটোক গভীৰ সমবেদনা জনায় ৷ ইপিনে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ অহা ৩ মাৰ্চ, ৰবিবাৰে ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক আয়োজন চলিছে ৷

আনহাতে,বুধবাৰে পুৱা আদ্যশ্ৰাদ্ধ আয়োজন সমিতিৰ হৈ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ শোকসন্তপ্ত পৰিয়ালক এখন্তেক আহি যি সকল ৰাজনৈতিক-অৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দল সংগঠন সংবাদ প্ৰতিষ্ঠান, প্ৰশাসনৰ আমোলা বিষয়া শোকৰ সমভাগী হৈছে সেই সকলক পৰিয়াল তথা আদ্যশ্ৰাদ্ধ আদৰনি সমিতি তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰে ৷ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা আদ্যশ্ৰাদ্ধস্থলীত এখন্তেক উপস্থিত হৈ পৰিয়ালক দেখা কৰিবলৈ অনুৰোধ জনায় ৷

ইতিমধ্যে শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল,বি টি চিৰ চীফ হাগ্ৰামা মহিলাৰীসহ কাৰ্যবাহী সদস্য বিশিষ্ট নাগৰিককে ধৰি প্ৰশাসনৰ আমোলা, বিষয়া আৰু ৰাইজ উপস্থিত হব বুলি জানিব পৰা গৈছে।