তামুলপুৰ, সংবাদ ৩৬৫,৩ মাৰ্চ : ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুওৱাইছিল ৪৪ জনকৈ বীৰ শ্বহীদে। ৪৪ জনৰ ভিতৰত আছিল অসমৰ তামুলপুৰৰ বীৰ মনেশ্বৰ বসুমতাৰী।

সেই বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ দেওবাৰে ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে । সম্পূৰ্ণ বড়ো জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি- নীতিৰে পুৱাৰে পৰা আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বাথৌ আৰজৰে শ্বহীদ গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে তেখেতৰ অসংখ্য গুণমুগ্ধই । পুষ্পাঞ্জলি অৰ্পনৰ সময়ত শ্বহীদগৰাকীৰ পত্নী, কন্যা, পুত্ৰ সহিতে আত্মীয়স্বজন আৰু গুণমুগ্ধ সকল উচুপি উঠিল।

শ্ৰদ্বাঞ্জলি অনুষ্ঠান সমাপন হোৱাৰ পিছতে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই বীৰ শ্বহীদ গৰাকীৰ আত্মাৰ শান্তিৰ কামনাৰে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই। ইয়াৰ লগে লগে বাথৌ ধৰ্মীয় ৰীতিৰে আৰজ প্ৰাৰ্থনা আৰম্ভ কৰা বীৰ শ্বহীদ গৰাকীৰ বাসগৃহ চৌহদ পৰিণত হয় এক পুণ্য তীৰ্থ ভূমিলৈ।