ৰূপহীহাট ,সংবাদ৩৬৫,২ মাৰ্চ : শনিবাৰে ৰূপহীহাটৰ ৰাজপথতে আশ্চৰ্যজনক ভাৱে দপদপকৈ জ্বলি উঠে এখন চাৰিচকীয়া বাহন ৷ ৰূপহীহাটৰ শিঙাৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

এ এছ-০১-বি বি-৫৬৪৮ নম্বৰৰ চলন্ত ইণ্ডিকা গাড়ীখনতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ৷ অগ্নিকাণ্ডৰ ফলত অঞ্চলতটোত সৃষ্টি হয় তীব্ৰ আতংকৰ।

জানিব পৰা অনুসৰি যান্ত্ৰিক বিজুতিৰ বাবেই চলন্ত গাড়ীখনত সংঘটিত হয় অগ্নিকাণ্ডৰ। অগ্নিকাণ্ডৰ ফলত কোনোমতে ৰক্ষা পৰে ওচৰতে থকা কেইবাটাও বাসগৃহ ৷ পাছত ৰাইজৰ প্ৰচেষ্টাত নিৰ্বাপিত হয় জুই ৷