গুৱাহাটী, ১৩ অক্টোবৰঃ অসমৰ জীয়ৰী তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা অৰুণাচল প্ৰদেশৰ মুখ্য সচিব শকুন্তলা দলে গামলিনক কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ভাবে সক্ষম লোকৰ সৱলীকৰণ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ সচিবৰ দৰে শীৰ্ষ বিষয়াৰ পদত অধিষ্ঠিত হোৱা শকুন্তলা দলে গামলিন হৈছে উত্তৰ পূবৰ প্ৰথম মহিলা৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জাৰবম গামলিনৰ সহধাৰ্মিনী তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ইউনিয়নৰ টেৰিটেৰী কেডাৰৰ বিষয়া শকুন্তলা দলে গামলিনক অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিব হিচাবে ২০১৬ চনৰ মাৰ্চত নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব, দিল্লী চৰকাৰৰ কাৰ্য্যবাহী মুখ্য সচিবকে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰিছিল৷ গুৱাহাটীৰ কছাৰী বস্তিৰ জীয়ৰী শকুন্তলা দলে গামলিনে দিল্লী স্কুল অৱ ইকনমিকছৰ পৰা ছ’চিঅ’লজীত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী লাভ কৰিছিল৷ গামলিন হৈছে মিছিং জনগোষ্ঠীয় প্ৰথম গৰাকী ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, সাংসদ, মন্ত্ৰী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত ললিত কুমাৰ দলেৰ কনিষ্ঠ কন্যা৷