শিমলুগুৰি, ১৩ অক্টোবৰঃ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে ৰাজ্যৰ শিক্ষা বিভাগে আয়োজন কৰা গুণোৎসৱে উদঙাইছে শিক্ষাখণ্ড প্ৰকৃত স্বৰূপ৷ চৰাইদেউৰ সোণাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্রায় শূন্য। আন্তঃগাঁথনিৰে ভৰপুৰ বিদ্যালয়খনত শিক্ষাৰ্থী মাত্ৰ চাৰিজন৷ গুণোৎসৱ দিনা বিদ্যালয়লৈ আহিল তিনিজন ছাত্ৰ। পৰিদৰ্শক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়েই হতবাক৷ পাঁচটা শ্ৰেণীত শিক্ষাৰ্থী মাথো তিনিজন ছাত্ৰ। উপাই নাই, নিয়ম অনুসৰি পৰ্যবেক্ষকে ল’লে পৰীক্ষা। পৰ্যবেক্ষকে পৰীক্ষা লৈয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰী সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে৷ আনহাতে গুণোৎসৱৰ বাতৰি সংগ্ৰহৰ কাৰণে বিদ্যালয়খনত সাংবাদিক প্ৰৱেশ কৰোতেই শিক্ষকৰ হেৰাল থৰকাচুতি। প্ৰধান শিক্ষয়িত্ৰীয়ে উপায়ন্ত হৈ স্বীকাৰ কৰিলে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱেৰে বিদ্যালয় মানদণ্ড উন্নত কৰাৰ দাবী কৰিলেও মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ে উদঙালে চৰকাৰী স্কুলৰ মানদণ্ড৷