কোকৰাঝাৰ, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ অসমৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ সমান্তৰালকৈ বি টি এডিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰতো উলহ মালহৰে পালন কৰিছে কোচ ৰাজবংশী জনসাধাৰণ ৰাইজে । যোৱা ৰবিবাৰ পৰাই বৰ্নাট্য কাৰ্যসূচীৰে কোকৰাঝাৰ ৰাস মেলা পথাৰত অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচী অনুসৰি যোৱা নিশা কোচ ৰাজবংশী জনগোষ্ঠীৰ সাজ পাৰ পৰিধান কৰি প্ৰদৰ্শন কৰা সৌন্দৰ্য প্ৰতিযোগিতাত ত্ৰিশ গৰাকী কোচ ৰাজবংশী সৌন্দৰ্য্য সকলে অংশগ্ৰহণ কৰে।

বিষুৱা উদযাপন সমিতিৰ নেতা নৱ জ্যোতি ৰয়ে সংবাদ মাধ্যমৰ যোগেদি ৰঙালী বিহু , বিষুৱা তথা বৈসাগুৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি শান্তি, সম্প্ৰিতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক সংৰক্ষণ কৰা তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লক্ষ্যৰে সৌন্দৰ্য প্ৰতিযোগিতা দৰে অনুষ্ঠান অনুষ্ঠিত কৰা কথা প্ৰকাশ কৰে ।

উক্ত অনুষ্ঠানত বহু কোচ ৰাজবংশী ৰাইজে অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে ।