জনীয়া, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : যোৱাৰাতি অৰ্থাৎ ১৬ এপ্ৰিলৰ ৰাতি হৈ যোৱা ধুমুহাৰ ফলত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া, খাৰবালি, আমগুৰি, সুতিৰপথাৰ, জনীয়া আদি কৰি বিভিন্ন গাওঁত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন কৰে। নিশা হৈ যোৱা ধুমুহাত আতংকিত হৈ পৰে গাওঁবাসী।

কৃষকে জাকত জিলিকা কৈ গঢি তোলা বেঙেনা, মাকৈ, তিতা কেৰেলা, জলকীয়া, তিয়হ আদি খেতি তচনচ কৰিলে ধুমুহাই। বিভিন্ন ঠাইত ঘৰ দুৱাৰ, গছ গছনি ভাঙি বিস্থৰ ক্ষতি হয়। বহুত পৰিয়ালত ঘৰ ভাঙি লণ্ড ভণ্ড কৰে। বিদ্যুৎৰ খুটাৰ তাঁৰ ছিঙি যোৱাত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ যায়। গতিকে স্থানীয় ৰাইজ আৰু ঘৰ ভঙা পৰিয়ালে চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।