তামুলপুৰ, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬-বিদেশী(সংশোধনী) নিৰ্দেশ ২০১৬ পাৰপত্ৰ( ভাৰতত প্ৰৱেশ ) নিয়ম ২০১৫ আৰু দীৰ্ঘম্যাদী ভিছা ব্যৱস্থা বাতিলৰ দাবীত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰৰ বিভিন্ন দল সংগঠনৰ সহযোগত শুকুৰবাৰে সন্ধিয়া ৬ বজাত তামুলপুৰ আঞ্চলিক ছাত্ৰসন্থা কাৰ্যালয়ৰ পৰা তামুলপুৰ বজাৰ চকলৈ জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায়! হায়!, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, এই জুই জলিছে জলিব, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশী খেদ, বি জে পি চৰকাৰ গো বেক আদি শ্লোগানেৰ তামুলপুৰৰ আকাশ বতাহ কপাই তোলে। উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতাকে ধৰি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলৰ উপৰিও প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে। ইপিনে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো সন্ধিয়া কুমাৰীকাটা আঞ্চলিক ছাত্ৰৰ কাৰ্যালয় পৰা কুমাৰীকাটা তিনিআলী চ’ক’লৈ জোৰঁ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদী সমদলত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰনীয়া, সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাস আদি কৰি আছু নেতা সকল উপস্থিত থাকে। আনহাতে দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় জনগোষ্ঠীয় সংগঠন আৰু ৰাইজৰ সহযোগত পুৱ কচুকাটাৰ শ্যামৰাই সত্ৰ খেল পথাৰৰ পৰা ঢেকীপোটা চকলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জোঁৰ সমদল কাৰ্য্যসূচীত সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজয় বড়ো আৰু সাংগঠিনক সম্পাদক নন্দেশ্বৰ কলিতাৰ লগতে দক্ষিন ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে সন্তোষ পাটোৱাৰী আৰু জয়দেব দাসৰ লগতে দক্ষিণ ডেফেলী অঞ্চলৰ স্থানীয় দল সংগঠনৰ নেতাকৰ্মীৰ আৰু শতাধিক সচেতন ৰাইজ উপস্থিত থাকি দক্ষিণ ডেফেলী অঞ্চল উত্তাল কৰি তোলে।
