মিৰ্জা, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ: ঐতিহ্যময় চানডুবিত স্থাপন হ’ল নৱম বাৰ্ষিক চানডুবি মহোৎসৱৰ লাইখুটা। প্ৰতিবছৰে অনুষ্ঠিত হোৱা চানডুবি মেলা এইবেলিও ২০১৯ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ অনুস্থিত হ’বলগীয়া নৱম বাৰ্ষিক চানডুবি মহোৎসৱৰ লাইখুটা স্থাপন কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । সম্পুৰ্ন জনজাতীয় ৰীতি-নীতি পৰম্পৰাৰে স্থাপন হোৱা এই লাইখুটা স্থাপন অনুস্থানত বহুতো লোকে অংশগ্ৰহন কৰে। এই অনুস্থানত ভাগ ল’ব পায় নিজকে বহুত সৌভাগ্যৱান বুলি জনায় উপায়ুক্ত গৰাকীয়ে। লগতে এই চানডুবিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলিও জনায়। জনজাতীয় কৃষ্টি-সংস্কৃতিৰ লগতে জনজাতীয় খাদ্যকে ধৰি জনজাতীয় লোকৰ জীৱন-যাপনৰ সামগ্ৰীৰে উজ্বলি উঠিব লগা এই চানডুবি মহোৎসৱত নিসিদ্ধ প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে উচ্চস্তৰৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব বুলি জনায়।