ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে শুকুৰবাৰে সন্ধিয়া ডিগবৈ আঞ্চলিক ছাত্র সন্থাৰ লগতে স্থানীয় বহু দল সংগঠনে এক জোৰ সমদল উলিয়াই। ডিগবৈ মুলীয়াবাৰীৰ বিহুতলীৰ নগৰখনৰ পথসমূহেদি পৰিভ্ৰমন কৰা এই জোৰ সমদলত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে। সেইপিনে চৰকাৰৰ এই দুমুখীয়া নীতিক সকলোৱে একমুখে ধিক্কাৰ দি সৰ্বানন্দ সোনাৱাল মুৰ্দাবাদ ,জাতীয় নায়কৰ কাম নাই, জাতীয় নায়ক মুৰ্দাবাদ ,বিজেপি মুৰ্দাবাদ অাদি বিভিন্ন শ্লোগান ধ্বনীৰে ডিগবৈৰ ৰাজপথ উত্তাল কৰি অাকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীসকলে।