গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল : মঙ্গলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচন । অন্তিম পৰ্য্যায়ৰ নিৰ্বাচন সুকলমে পাৰ হৈ যাবলৈ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা। ইয়াৰ উপৰিও ৬২১ খন সৰু – ডাঙৰ গাড়ী অধিগ্ৰহণ কৰা হৈছে।

সোমবাৰে এই অধিগ্ৰহণৰ বাবে মহানগৰীত সৃষ্টি হয় গাড়ীৰ নাটনি । বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা কাৰ্য্যালয়লৈ যোৱা কৰ্মচাৰীলৈকে ঘণ্টাৰ পাছত ঘণ্টা গাড়ীৰ বাবে অপেক্ষা কৰি থাকিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে এই অধিগ্ৰহণৰ ফলত সৃষ্টি হোৱা গাড়ীৰ নাটনিৰ বাবে একাংশ সুযোগসন্ধানী চালক-হেণ্ডিমেনে বৃদ্ধি কৰিলে গাড়ীৰ ভাড়া। যাৰ বাবে মহানগৰীৰ ঠায়ে ঠায়ে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ।

নিৰ্ধাৰিত নিৰীখতকৈ অধিক ভাড়া লোৱাত জালুকবাৰীত একাংশ যাত্রীয়ে কৰিলে পথ অৱৰোধ । পাছত আৰক্ষীৰ হস্তক্ষেপত মুকলি কৰি দিয়ে পথটো আৰু লগতে এই চালক-হেণ্ডিমেনক নাকী লগোৱাৰ দাবী জনায় যাত্ৰী সকলে।