গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : ভাৰতীয় লোকৰ মাজত ক্লিন ইণ্ডিয়া, গ্ৰীণ ইণ্ডিয়া, হেলদি ইণ্ডিয়াৰে এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসৰ লগতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ মানসেৰে ২০০ দিনত সমগ্ৰ দেশৰ ১,২৫,০০০ কি:মি দূৰত্ব বাইকেৰে ভ্ৰমণ এছ চেলভাকুমাৰৰ ।

সাতভনীৰ দেশৰ চিকিম, মেঘালয়ৰ পাছত উপস্থিত হয় অসমত। অসমত উপস্থিত হৈ গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ বাইক ভ্ৰমণৰ সম্পৰ্কত এছ চেলভাকুমাৰে কয় ” সাংঘাতিক কষ্টকৰ যাত্ৰা। বাট-পথ মাজে মাজে বেয়া। অসম ভাল লাগিছে। আদৰ সম্ভাষণ ভাল পাইছোঁ। বাটৰ অৱস্থা প্ৰায় ভাল।”

চেলভাকুমাৰৰ এই যাত্ৰা চলিত বৰ্ষৰ অক্টোবৰত শেষ কৰিব পাৰিম বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি লগতে কয় ” ২৯ খন ৰাজ্যৰ লগতে ভূটান সীমান্ত, বাংলাদেশ সীমান্ত আদিও ভ্ৰমণ কৰিছোঁ। প্ৰায়বোৰ পাহাৰীয়া অঞ্চল শেষ হৈছে, এতিয়া মই উত্তৰ ভাৰতলৈ যাম।”

ইফালে নতুন বাইক ৰাইডাৰসকললৈ আহ্বান জনায় এছ চেলভাৰকুমাৰে কয় যে নতুন বাইকাৰ সকলে মটৰ চাইকেল চলোৱাৰ সময়ত হেলমেট পৰিধান কৰক।

উল্লেখযোগ্য যে তামিলনাডুৰ অন্নামালাই বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰৱক্তা এছ চেলভাকুমাৰে যোৱা ৩ মে’ৰ পৰা চেন্নাইৰ অন্নামালাই বিশ্ববিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰা এই যাত্ৰাত বৰ্তমানলৈকে মুঠ ৪০০০ কি:মি ভ্ৰমণ কৰিছে ।