গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : ১৫ মে’ত ব্যস্ত গুৱাহাটী মহানগৰীৰ আৰ জি বি পথৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ নিচেই কাষতে সন্ধিয়া ৭.৫৫ বজাত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ বহু তথ্য আৰক্ষীৰ হাতত আহি পৰিছে । শেহতীয়াকৈ আৰক্ষীৰ হাতত বিজয় অসম আটক হোৱাৰ পাছতে বহু কথা পোহৰলৈ আহিছে ।

আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি বিস্ফোৰণৰ দিনা চিন্ময় লহকৰে বাইক চলাইছিল আৰু বিজয় অসমে বাইকৰ পাছত বহি গ্ৰেনেড দলিয়াইছিল। তাৰপিছত গ্ৰেনেড দলিওৱাৰ অলপ আগত গৈ বিজয় অসম জাহ্নৱী শইকীয়াৰ স্কুটিত উঠি জাহ্নৱীৰ ঘৰলৈ গৈছিল। ইতিমধ্যে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধা-পোছা তথা অনুসন্ধান অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

ইয়াৰোপৰি বিজয় অসমৰ পৰা বহু আপত্তিজনক নথি-পত্ৰৰ লগতে মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । উল্লেখ্য যে ২০১৩ চনৰ পৰা ম্যানমাৰত আছিল বিজয় অসম। ইয়াৰ পাছত যোৱা ৮ মে’ত গুৱাহাটীলৈ আহিছিল গ্ৰেনেড বিস্ফোৰণৰ ঘটনাটোক লৈ।

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ভাষ্য অনুসৰি তেওঁলোকে আৰু পৰিকল্পনা কৰি আছিল আৰু এনেধৰণৰ ঘটনা সংঘটিত কৰিলে হয় কিন্তু আৰক্ষীৰ হাতত আটক হোৱাৰ পাছত তেওঁলোকৰ গোটসমূহ ভাঙি গ’ল। আমি এতিয়াও চেষ্টা অব্যাহত ৰাখিছোঁ কি কি পৰিকল্পনা তেওঁলোকে কৰিছিল আৰু ওপৰৰ পৰা কি কি নিৰ্দেশ আহিছিল।

সংবাদ মাধ্যমৰ আগত আয়ুক্তগৰাকীয়ে আৰু কয় “বিজয় অসমক আটক কৰাৰ পাছত আৰু মানুহ ওলাব । আমি যিমান মানুহ গম পাম সকলোকে ধৰিম। জু ৰোড বিস্ফোৰণত এতিয়ালৈকে ধৰা গোটেইকেইজনেই জড়িত আছিল। প্ৰাণময়ৰ লগত বিজয় অসমৰ সম্পৰ্ক আগৰে পৰা ভাল আছিল। প্ৰাণময় এনেকুৱা এজন মানুহ যাৰ লগত আলফাৰ শীর্ষ নেতৃত্বৰ লগত সম্পৰ্ক আছে।”