লখিমপুৰ, সংবাদ ৩৬৫, ৩১ অক্টোবৰ: কাইলৈ তথা ১ নৱেম্বৰৰ পৰা অসমৰ কেইবাখনো জিলাৰ বিদ্যালয় সমূহত আৰম্ভ হ’ব বিদ্যালয় পৰীক্ষা হিচাপে খ্যাত গুনোৎসৱ। ইয়াকলৈ বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি আৰু ছাত্র-ছাত্ৰী সকলৰ মাজত অব্যাহত আছে ব্যাপক তৎপৰতা। এই লৈ বিদ্যালয় কতৃপক্ষ‌ই বিদ্যাতনিকৰ উপৰিও সজাই তুলিছে বিদ্যালয় সমূহৰ সৌন্দৰ্য্য। কিন্তু ইয়াৰ বিপৰীতে একে তাৰিখতে আৰম্ভ হ’ব লগা গুনোৎসৱৰ কোনো নাম গোন্ধই নাই লখিমপুৰ জিলাৰ নাৰায়নপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কাপুমপুলি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত। উক্ত বিদ্যালয় খনত আন্তগাঠনিৰ নামত শূন্যৰ দিশত থকা বিদ্যালয় খনৰ ছাত্র-ছাত্ৰীয়ে যদিও গুনোৎসৱৰ কথা শুনিবলৈ পাইছে তথাপি পৰিৱৰ্তনৰ ফুল-জাৰি মৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত বিদ্যালয় খনত পকী ঘৰৰ বিপৰীতে আছে বাহৰ বেৰ,নাই চকী-টেবুল-ডেক্স-বেন্স,নাই ৰান্ধনী ঘৰ ,খেলপথাৰ । বিশেষকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে দম্ভালি মাৰি অহাৰ বিপৰীতে এনেকুৱা জৰাজীৰ্ন বিদ্যালয়ৰ পৰা গুনোৎসৱৰ জৰিয়তে কি আশা কৰিব সেয়া বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়েই প্ৰকাশ কৰিছে। আনহাতে একেদৰেই মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত শালমৰা প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা পুতৌ লগা পৰিলক্ষিত হৈছে। কেৱল ৯ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত কিন্তু তিনি গৰাকীকৈ শিক্ষক থকাৰ বিপৰীতে নাই বিদ্যালয় গৃহ, নাই, খোৱা পানী ব্যৱস্থা, নাই যাতায়তৰ ব্যৱস্থা, নাই চকী-টেবুল ,ডেক্স-বেন্স । কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰি শিক্ষক সকলে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী সকলকলৈ নিজৰ কামৰ বাবেহে সময় খৰচ কৰি হেতালী খেলা পৰিলক্ষিত হৈছে ।এইদৰেই অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰালত চলি থকা গোপন খেল আৰু গুনোৎসৱৰ দৰে বিষয়ে যে ছাত্র-ছাত্ৰীৰ ভবিষ্যত কোন দিশে নিৰ্ণয় কৰিব সেইয়া ফলাফলৰ পৰাই উপলব্ধ হব ।