পলাশবাৰী, সংবাদ ৩৬৫, ২৯ মে’ : বৰঝাৰ বিমান বন্দৰত হঠাৎ অঘটন । অসম আৰক্ষী, চি আই এছ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে দৌৰাদৌৰীকে প্ৰৱেশ কৰিছে বিমানবন্দৰৰ ভিতৰচৰাত কাৰণ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হঠাৎ লাগিল হুৱাদুৱা । হাহাকাৰময় পৰিস্থিতি সৃষ্টি হ’ল বিমানবন্দৰত । হুৱাদুৱা লাগিল বিমান যাত্ৰীৰ মাজতো । বিমানবন্দৰতে আহত হ’ল ৭জন যাত্ৰী । গুৰুত্বৰভাৱে আহত হ’ল ৩জনকৈ লোক ।
কিন্তু এয়া কোনো দুৰ্ঘটনা নহয় এয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰা এক আখৰাহে প্ৰস্তুতি চলালে এন ডি আৰ এফ, চি আই এছ এফ আৰু আৰক্ষী প্ৰশাসনে । এইটো আছিল এটা মকড্ৰিলহে । বিমানবন্দৰত হঠাৎ ভূমিকম্পকে ধৰি হ’ব সম্ভাৱ্য দুৰ্যোগ হলে কিদৰে উদ্ধাৰ কৰিব বিমান যাত্ৰীক তাৰ বাবে চলিল এই মকড্ৰিল ।
কিছু দিন পূৰ্বে চুৰাতত হোৱা বৃহৎ অত্যালিকাত অগ্নিকাণ্ড হৈ প্ৰাণ গৈছিল বহুতো লোকৰ । সেয়েহে বিমান যাত্ৰীক তেনে ঘটনাৰ পৰা ৰক্ষা কৰাৰ বাবে মকড্ৰিল কৰিলে বিমানবন্দৰ চি আই এছ এফ বাহিনী আৰু এন ডি আৰ এফৰ উদ্ধাৰ অভিযানকাৰী দলৰ যুটীয়া অভিযানত সহযোগ কৰিলে অসম আৰক্ষী আৰু বিমান কৰ্তৃপক্ষই।
ভূমিকম্পৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল’বলগীয়া সজাগতাৰ বাবে কেনেদৰে নিজকে প্ৰস্তুত কৰিব সেয়াহে প্ৰদর্শন কৰিলে উদ্ধাৰকাৰী দলটিয়ে । এই মকড্ৰিল কৰা হল বৰঝাৰ বিমান বন্দৰত । বিমান যাত্ৰী সকল যাতে তেনে ভয়ংকৰ ঘটনাৰ সন্মুখীন হলে উদ্ধাৰকাৰী দলে এনেদৰে উদ্ধাৰ অভিযান চলাই প্ৰাণ ৰক্ষা কৰিব পাৰে তাৰ বাবে এই অনুশীলন চলোৱা হল ।