পলাশবাৰী, সংবাদ ৩৬৫, ২৯ মে’ : দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰ আৰক্ষীৰ চকীৰ অন্তৰ্গত পলাশবাৰী পৌৰসভা এলেকাৰ বজাৰ সমুহত এতিয়া অলিয়ে গলিয়ে সুলভ হৈ পৰিছে অবৈধ বিলাতী আৰু দেশীয় সুৰাৰ ৰমৰমীয়া বেহা ।

আবকাৰী নামৰ বিয়াগোম বিভাগটোৰ একাংশ বিষয়াই সুৰাৰ অবৈধ ব্যৱসায়ীৰ সৈতে কমিচনৰ বুজা বুজিৰে অঘোষিত অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ উঠি অহাৰ সময়তে পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত এটি দলে অভিযান চলায় এটা গুদাম ঘৰত মজুদ কৰি ৰখা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

কিছুদিন পূৰ্বে মিৰ্জাস্থিত আৱকাৰী বিভাগৰ কাৰ্যালয়ৰ পৰা পলাশবাৰীৰ বিভিন্ন ঠাইত অভিযান চলাইছিল যদিও নিয়মীয়াকৈ কমিচন লাভ কৰা সুৰা ব্যৱসায়ীসকলক বিনা দ্বিধাই অবৈধ ব্যৱসায় চলাই যাবলৈ দি যি সকলৰ পৰা কমিচন নাপায় সেইসকলৰ বিৰুদ্বে অভিযান চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে । আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই অবৈধ সুৰাৰ এই ঘাটিটৌ উৎখাত কৰি ইয়াৰ লগত জড়িত থকা সুৰা মাফিয়াৰ বিৰুদ্ধে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ।