শিমলুগুৰি, ২ অক্টোবৰঃ গুৱাহাটীৰ পৰা দুজন ব্যক্তিয়ে এখন চুইফট ডিজায়াৰ ভাড়া কৰি আনি শিৱসাগৰত চালকক প্ৰাণে মৰাৰ চেষ্টা কৰি গাড়ী লৈ পলায়ন  ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, যোৱাকালি গুৱাহাটী ৰাজধানী মছজিদৰ ষ্টেণ্ডৰ পৰা যোৰহাটলৈ বুলি দুজন ব্যক্তিয়ে এএছ০১ বিকিউ ৩৫৮৮ নম্বৰৰ চুইফট খন ভাড়া কৰি আনে। শিৱসাগৰৰ শিমলুগুৰি থানাৰ অন্তৰ্গত বাহগড়ত ভাৰাতীয়া দুজনে ৰহস্যজনক ভাৱে চালক আমিনুল ৰহমানক ডিঙিত ৰচী লগাই প্ৰাণে মৰাৰ চেষ্টা কৰে। চালকজনে চলন্ত গাড়ীখনৰ পৰা জাপ মাৰি কথমপি প্ৰাণৰক্ষা কৰে। দুৰ্ঘটনাত চালকজনে মূৰ আৰু হাতত গুৰুতৰ আঘাত প্ৰাপ্ত হয়। আনহাতে ব্যক্তি দুজনে গাড়ীখন লৈ অসম নাগালেণ্ড সীমান্তৰ ফালে উধাও হয়। চালকজনে ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী থানাত অৱগত কৰে। শিমলুগুৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।