নগৰবেৰা, ১ অক্টোবৰঃ কামৰূপ জিলাৰ নগৰবেৰাত এগৰাকী গৰ্ভৱতী মহিলাৰ ৰহস্যজনক ভাবে মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে জিএমচিএইচলৈ প্ৰেৰণ কৰে। প্ৰাপ্ত তথ্য মতে, নগৰবেৰাৰ জামলাইস্থিত চেনিমাৰাৰ আছমিৰা বেগমক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত আছমিৰাৰ পিতৃয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰতো আছমিৰাক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ কথা উল্লেখ কৰে। আৰক্ষীয়ে মৃত গৰ্ভৱতী মহিলাগৰাকীৰ হত্যাকাণ্ড প্ৰাথমিক তদন্তৰ কাৰণে আছমিৰাৰ স্বামী আব্দুছ ছাত্তাৰ, শশুৰ বাসাৱ আলীক আটক কৰিছে। আৰক্ষীৰ তদন্ত আৰু আছমিৰা বেগমৰ মৰোণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে হত্যাকাণ্ডৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।