গুৱাহাটী, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ: ইংৰাজী ২৭ নৱেম্বৰ, ২০১৮ মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যৰ অগ্ৰণী তথা সক্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ নিৰ্বাচিত কাৰ্টুনৰ এক ডিজিটেল প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা এঘণ্টা জোৰা এই কাৰ্য্যসূচীত প্ৰেছ ক্লাবৰ সদস্য শ্ৰী ৰাজবংশীয়ে নিজৰ ৬০ৰো অধিক নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰে। বিগত প্ৰায় বিশ বছৰ ধৰি কাৰ্টুনৰ নিৰৱছিন্ন চৰ্চা চলাই অহা ৰাজবংশীয়ে লগতে এই কাৰ্টুনসমূহ সম্পৰ্কে চমূকৈ আলোচনা কৰে। ৰাজ্য তথা দেশৰ বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, পাৰিৱেশিক বিষয়ক লৈ সামাজিক মাধ্যম, কাকত-আলোচনী, ৱেবচাইট আদিত প্ৰকাশিত এই কাৰ্টুনসমূহৰ সৃষ্টিৰ আঁৰৰ পটভূমি, কলা-কৌশল আদি সম্পৰ্কে ৰাজবংশীয়ে উপস্থিত সাংবাদিকসকলৰ সতে মত বিনিময় কৰে। উল্লেখ্য যে, এই নিৰ্বাচিত কাৰ্টুনসমূহত সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ বিষয় যেনে নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি, বিমুদ্ৰাকৰণ, অসমৰ জনগোষ্ঠীয় সংঘাত, পৰিৱেশ-প্ৰদূষণ, অন্ধবিশ্বাস-কুসংস্কাৰ, অপসংস্কৃতি, অসমীয়া ভাষাৰ ভৱিষ্যত, অসম সাহিত্য সভাৰ অৰাজক পৰিৱেশ আদি নানা বিষয় সামৰি লোৱা হয়। অনুষ্ঠানৰ আঁত ধৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক শ্ৰী নৱ ঠাকুৰীয়াই গুৱাহাটী প্ৰেছ ক্লাব শেহতীয়াকৈ ক্লাবৰ সদস্যসকলৰ এনেকুৱা সৃজনীশীল কৰ্মৰাজিক নিয়মীয়াকৈ প্ৰেছ ক্লাবত প্ৰদৰ্শন কৰিবলৈ লোৱাৰ পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে।
