কলগাছিয়া, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ: পৰিৱৰ্তনৰ শ্লোগান গাই ফুৰা চৰকাৰখনে ৰাজ্যৰ ৰাস্তা-ঘাটৰ লগতে গৰাখহনিয়া আদি ৰোধ কৰাৰ পৰা ব্যৰ্থ হোৱা চৰকাৰখনৰ প্ৰতিবাদত সোমবাৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহি গাঁৱত দীর্ঘদিন ধৰি হৈ থকা বেকী নৈৰ গৰাখহনীয়াৰ বাবে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। বেকী নৈৰ গৰাখহনিয়াৰ স্থায়ী সমাধান, ক্ষতিগ্ৰস্ত লোকক পুনৰ সংস্থাপন ও ক্ষতিপূৰণ আৰু ভূমিহীন লোকক মাটিৰ আবন্টনৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ কোনো জনপ্ৰতিনিধি বা প্ৰশাসন যন্ত্ৰই বেকী নৈৰ গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সোনকালে এই সমস্যা সমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰিছে।