সৰভোগ, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ: ৰাজ্যত এতিয়া মন্দিৰত চোৰৰ উৎপাত বৃদ্ধি পাবলৈ ধৰিছে। মহানগৰীৰ উগ্ৰতাতৰা মন্দিৰত হোৱা চুৰি ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পুনৰ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত চকচকা বজাৰস্থ জামে মছজিদত ২৫ নৱেম্বৰ নিশা কোনো দুৰ্বৃত্তই মছজিদৰ দানপাত্ৰ ভাঙি সমষ্ট ধন লৈ যায়। প্ৰাপ্ত তথ্য মতে, জামে মছজিদৰ মহাজ্জেনে আচৰৰ নামাজৰ(৩.৩০ বজা)পিছত দানপাত্ৰ ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি জামে মছজিদৰ পৰিচালনা সমিতিৰ সম্পাদক আৰূ স্থানীয় লোকক ঘটনাটোৰ বিষয়ে খৱৰ দিয়ে, তাৰ পিছত জামে মছজিদৰ পৰিচালনা সমিতিয়ে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু সৰভোগ আৰক্ষী থানাৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বিষয় বুজ লোৱাৰ লগতে অতিশীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ জামে মছজিদৰ পৰিচালনা সমিতিয়ে, কোনো নিচা আসক্ত পথভ্ৰষ্ট যুৱকে ঘটনাটো সংঘটিটো কৰিছে বুলি সন্ধেহ প্ৰকাশ কৰৰিছে৷