গুৱাহাটী, সংবাদ৩৬৫, ২২মাৰ্চ : গুৱাহাটীত ৰে’ল ষ্টেচনত জব্দ ৫ লাখ আমেৰিকেন ডলাৰ। নিউ জলপাইগুৰি পৰা শতাব্দী এক্সপ্ৰেছেৰে মণিপুৰলৈ নিয়াৰ পথত ৰে’ল আৰক্ষীৰ হাতত আটক হ’ল মণিপুৰৰ দুজন যুৱক।

উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচি চলাই শতাব্দী এশপ্ৰেছৰ পৰা মণিপুৰৰ টি পিয়াঙ আৰু গালিয়ামুং নামৰ দুজন যুৱকৰ পৰা ৫ লাখ আমেৰিকেন ডলাৰ জব্দ কৰিবলৈ সক্ষম হয়। মণিপুৰৰ যুৱক দুজনে এখন ক’লা বেগত ৫ লাখ আমেৰিকেন ডলাৰ নিউ জলপাইগুৰি পৰা মণিপুৰলৈ নিয়াৰ চেষ্টা চলাই থাকোতে গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ তালাচি অভিযানত ধৰা পৰে।

ৰে’ল আৰক্ষীয়ে যুৱক দুজনক জেৰা অব্যহত ৰাখিছে যদিও বৰ্তমানলৈকে জব্দ হোৱা ডলাৰখিনি আচল হয় নে নহয় জানিব পৰা হোৱা নাই। ৰে’ল আৰক্ষীৰ মতে যদি ডলাৰখিনি আচল হয় তেন্তে ইয়াৰ ভাৰতীয় মূল্য প্ৰায় ৩ কোটি টকা হ’ব।