নগাঁও, সংবাদ ৩৬৫, ২২ মাৰ্চ : শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থী তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ১১নং কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ণ পত্ৰ দাখিল । শুকুৰবাৰে দিনৰ ১২বজাত কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগ, ৰ’জলীনা তিৰ্কি, নুৰুল হুদা আৰু ৰকিবুল হুছেইনক লগত লৈ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে সাংসদ জনে।

মনোনয়ণ পত্ৰ দাখিল কৰাৰ আগমুহূৰ্তত গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক জনাই যে কলিয়াবৰত তেওঁৰ বিজয় নিশ্চিত। আনহাতে, পুৱা বটদ্ৰৱা সত্ৰত আশীৰ্বাদ লৈ কংগ্ৰেছী সাংসদ জনে প্ৰায় ১০সহস্ৰাধিক সমৰ্থকৰ এক বিশাল ৰেলীৰে উপায়ক্ত কাৰ্যালয়লৈ যাত্ৰা কৰে।