গোলাঘাটৰ পৰা চেমিন আলী, সংবাদ ৩৬৫, ১২ এপ্ৰিলঃ গোলাঘাট জিলা বিজেপিৰ কৃষাণ মৰ্চাৰ উদ্যোগত খুমটাই সমষ্টিৰ কঠালগুৰি মণ্ডলৰ গুৰুযোগোনিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেংমৰিয়াত বৃহস্পতিবাৰে প্ৰায় তিনি শতাধিক পশুধনৰ টীকাকৰণ কৰা হয়। পুৱা দহ বজাত বিজেপি জিলা কৃষাণ মৰ্চাৰ সভাপতি তদ্ৰোপ গোস্বামীয়ে মুকলি কৰা পশুধন টীকাকৰণ অনুস্থানত  ডাঃ গিৰিণ চন্দ্ৰ কোঁৱৰ, ডাঃ হৃদয়কমল শইকীয়াই টীকাকৰণ কৰা অনুস্থানত কঠালগুৰি মণ্ডল বিজেপিৰ সভাপত হৰিপ্ৰসাদ দত্ত, কৃষাণ মৰ্চাৰ জিলা উপসভাপতি টংকেশ্বৰ গগৈ, কৃষাণ মৰ্চাৰ জিলা সাধাৰণ সম্পাদক আদিত্য দত্ত, কৃষাণ মৰ্চাৰ মেডিয়া চেলৰ শ্ৰীনিবাস বৰুৱাৰ লগতে কেইবা গৰাকী বিজেপিৰ নেতা কৰ্মী উপস্থিতি থাকে বুলি জিলা বিজেপিৰ মেডিয়া চেলৰ আহ্বায়ক অমল চন্দ্ৰ কোঁৱৰে জানিবলৈ দিয়ে। কৃষকৰ মূল সম্পদ পশুধন আৰু গো পালনৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে বিজেপি কৃষাণ মৰ্চা এই পশু টীকাকৰণ অভিযান কৰে বুলি বিজেপিৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি তদ্ৰোপ গোস্বামীয়ে জনিবলৈ দিয়ে।