গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ এটা বান্দৰক চিকিৎসা প্ৰদানৰ বাবে তিনি ঘণ্টা ধৰি নিজৰ কোলাত লৈ পশু চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হল এজন যুৱক। মহানগৰীৰ মণি দাস নামৰ এজন যুৱক বুধবাৰে পুৱাৰ ভাগত বান্দৰ এটাৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয়। নিউ গুৱাহাটীৰ পৰা বান্দৰ এটাক কোলাত লৈ মণি দাস বুধবাৰে পুৱা উপস্থিত হয় চেনিকুঠিস্থিত পশু চিকিৎসালয়ত, প্ৰায় দুঘণ্টা ধৰি বান্দৰটোক কোলাত লৈ পশু চিকিৎসালয়ত অপেক্ষা কৰাৰ পিছতো পশু চিকিৎসালয়খনত চিকিৎসক উপস্থিত নোহোৱাত মণি দাস ৰাজ্যিক চিৰিয়াখনত বান্দৰটোক চিকিৎসা প্ৰদানৰ বাবে লৈ যায়।

বুধবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই আহি মণি দাসে নিউ গুৱাহাটীত গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত অৱস্থাত এটা বান্দৰ উদ্ধাৰ কৰে। পথৰ কাষত সংকতজনক অৱস্থাত বান্দৰটোক দেখা পাই মণি দাসে বান্দৰটোক নিজৰ কোলাত তুলি উপস্থিত হয় চেনিকুঠিস্থিত পশু চিকিৎসালয়ত কিন্তু তাত চিকিৎসক নাপাই মণি দাসে আঘাতপ্ৰাপ্ত বান্দৰটোক চিকিৎসা প্ৰদানৰ লৈ আহে ৰাজ্যিক চিৰিয়াখনত। বৰ্তমানত ৰাজ্যিক চিকিৎসালয়ত গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱা বান্দৰটোক চিকিৎসা প্ৰদান কৰা হৈ আছে। যি সময়ত এচাম দুস্কৃতকাৰীয়ে বন্যপ্ৰাণী হত্যা কৰি আহিছে সেই সময়তে বান্দৰ এটাৰ প্ৰাণ ৰক্ষাৰ বাবে মানি দাসৰ চেষ্টা শলাগ ল’বলগীয়া।