ধুবুৰী, সংবাদ ৩৬৫, ১৮ মে’ : প্ৰতি বছৰৰ দৰে এইবেলিও গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু গৌৰীপুৰ প্ৰেছ ক্লাৱৰ সৌজন্যত গৌৰীপুৰ মহামায়া খেল পথাৰত ১৪ আৰু ১৫ মে’ত

হৈ যোৱা ব’হাগী সমাৰোহ ২০১৯ ৰ অনুষ্ঠানত “গদাধৰ বঁটা,২০১৯” শিক্ষা আৰু সংস্কৃতিক উন্নয়ন সমিতি গৌৰীপুৰ আৰু গৌৰীপুৰ অঞ্চলিক ছাত্ৰ সন্থাই যৌথ ভাবে মহান টেৰাকটা মৃৎ শিল্পী শ্ৰীযুত ধীৰেন্দ্ৰ নাথ পাল লৈ আগবঢ়ায়।

শিক্ষা আৰু সাংস্কৃতিক উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ধুবুৰীৰ বিশিষ্ঠ সাংবাদিক আৰু বহাগী সমাৰোহৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাই জানিব দিয়া মতে শিক্ষা আৰু সাংস্কৃতিক উন্নয়ন সমিতিয়ে ২০১২ চনৰ পৰা এই সন্মান সমাজ, সংস্কৃতি সাহিত্যৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অক্লান্ত অৱদানৰ বাবে সমাজৰ বিশিষ্ট ব্যক্তি সকলোক এই সন্মান আগবঢ়াই আহিছে। ২০১২ চনত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ লগত অজীৱন ছাৰিন্দা বাদক হিচাবে সংগত কৰা মহান শিল্পী স্বৰ্গীয় শিতানাথ ৰায় দেৱ লৈ আগবঢ়োৱা হৈছিল।

ইয়াৰ উপৰিও বিশিষ্ঠ সাহিত্যিক ধীৰেন্দ্ৰ নাথ দাস, আজগৰ আলি, বিশিষ্ট সমাজ সেৱক বিজু কুমাৰ জৈন,অসমীয়া আৰু বিছিন্ন ভাষাত চলচিত্ৰ নিৰ্মান কৰা চিনেমা জগতৰ বিশিষ্ট সঞ্চালিকা ববী শৰ্মা বৰুৱা,গোৱালপৰীয়া লোকগীতৰ মহান ঢোল বাদক কলু মেলি আৰু ডি ওৱাই ৩৬৫ ৰ পৰিয়াল বৰ্গলৈ ইতিমধ্যে এই সন্মান আগবঢ়োৱা হৈছে, সমাজৰ বিশিষ্ট ব্যক্তি বা সংস্থা লৈ আগবঢ়োৱা এই সন্মান আজিও শিক্ষা আৰু সাংস্কৃতিক উন্নয়ন সমিতি আৰু গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে।

এইবাৰৰ ১৫ মে’ ২০১৯, বুধ বাৰৰ দিনা গৌৰীপুৰৰ মহামায়া খেলপথাৰত অনুষ্ঠিত বহাগী সমাৰোহ ৰ অনুষ্ঠানত শিক্ষা আৰু সংস্কৃতিক উন্নয়ন সমিতি আৰু গৌৰীপুৰ অঞ্চলিক ছাত্ৰ সন্থাই যৌথ ভাবে মহান টেৰাকটা মৃৎ শিল্পী শ্ৰীযুত ধীৰেন্দ্ৰ নাথ পাল লৈ অনুষ্ঠানিক ভাবে আগবঢ়ায়। এই অনুষ্ঠানতে গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান এখনি ফুলাম গামোচাৰে মহান শিল্পী গৰাকীলৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে গৌৰীপুৰৰ বিশিষ্ট ব্যক্তি প্ৰবীৰ বৰুৱাই জাপিৰে সন্মান যাচে।

মঞ্চত শিক্ষা আৰু সংস্কৃতিক উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজীৱ শৰ্মাই মানপত্ৰ পাঠ কৰি ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীযুত নিৰুপমা হাজৰিকাই মানপত্ৰ মহান শিল্পী গৰাকীৰ হাতত তুলি দিয়ে। লগতে ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত অনিমেছ তালুকদাৰে ২০১৯ চনৰ “গদাধৰ বঁটাটো” শিল্পী গৰাকীৰ হাতত তুলি দিয়ে। মঞ্চতেই নিজৰ ভাষণত নিজৰ বক্তব্যত টেৰাকটা মৃৎ শিল্পী গৰাকীয়ে তেখেতলৈ আগবঢ়োৱা এই সন্মানৰ বাবে ভাবুক হৈ পৰাৰ লগতে বিশ্বৰ দৰবাৰত টেৰাকটা শিল্পক কিদৰে আজিও জীয়াই ৰাখিছে তাৰে ওপৰত আলোকপাত কৰে।

উল্লেখ যে এই মহান শিল্পী গৰাকীয়ে টেৰাকতা মৃৎ শিল্পক অকল বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কিৰে নহয় এই মহান প্ৰাচীন শিল্পক জীয়াই ৰখাৰ বাবেও আজিলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।তেখেতৰ যথেষ্ট পৰিশ্ৰম আৰু অৱদানৰ বাবেই আজি ধুবুৰীৰ আশাৰীকান্দি গাওঁ বিখ্যাত পৰ্যটকৰ গাওঁ হিচাবে পৰিচয় লাভ কৰিছে, দেশ বিদেশৰ পৰ্যটকৰ কেন্দ্ৰ হৈ পৰা আশাৰীকান্দি গাওঁ আজিৰ দিনটোত অসমৰ পৰ্যটন স্থলী সমূহৰ ভিতৰত একমাত্ৰ টেৰাকতা মৃৎ শিল্পৰ বাবেই এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

পিছে দেশ বিদেশত টেৰাকটা মৃৎ শিল্পৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হোৱা বৰ্তমানৰ এই মহান শিল্পী গৰাকীৰ বয়স ৭৫ বছৰ, কিন্তু আজিলৈ চৰকাৰে শিল্পী পেঞ্চন নিদিয়াক লৈ সমাৰোহৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাই দুখ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে শিল্পী গৰাকীৰ শিল্পী পেঞ্চন আগবঢ়াবলৈ গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থা, গৌৰীপুৰ প্ৰেছ ক্লাৱ,শিক্ষা আৰু সাংস্কৃতিক উন্নয়ন সমিতিৰ হৈ চৰকাৰক আহ্বান জনায়।