গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাৰ সৈতে আৰ পি শৰ্মা।

অহা ২৫ মে’ৰ দিনা আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ অংশীদাৰ হ’ব আৰ পি শৰ্মা। তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ উপস্থিতিত অসমত আনুষ্ঠানিকতাৰে যোগদান কৰিব শৰ্মাই। – এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰাৰ সময়তে পুৰণা কৰ্মীৰ সৈতে তেওঁলোকৰ অস্তিত্ব যে মাটিৰ লগত মিলি যাব তাৰ উমান শৰ্মাই সেই সময়তে পাইছিল। সেয়েহে যোৱা ১৬ মাৰ্চৰ দিনা অৰ্থ্যাৎ তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰা দিনটোতেঅন্য এক ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰো ইংগিত দিছিল।

তদুপৰি, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাই যোৱা ফেব্ৰুৱাৰি মাহৰ পৰাই আৰ পি শৰ্মাৰ সৈতে তৃণমূলত যোগদান কৰাৰ ক্ষেত্ৰত যোগাযোগ ৰাখি আহিছিল বুলি সুত্ৰটোৱে কয়। লগতে তেওঁক তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে।

যোৱা সপ্তাহত কলকাতালৈ গৈ পশ্চিমবংগৰ মেয়ৰ তথা তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ সৈতে আৰ পি শৰ্মাই এক আলোচনাত মিলিত হৈছিল।

২৫ মে’ৰ দিনাই শৰ্মাক দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ’ব । বৰ্তমান দলটোৰ ৰাজ্যিক সভাপতি হিচাপে আছে প্ৰাক্তন বিধায়ক গোপীনাথ দাস।

আৰ পি শৰ্মাৰ নেতৃত্বত অসমত তৃণমূলৰ নতুন এক সু-দৃঢ় ভেটি গঠন কৰাৰো দাবী কৰে সুত্ৰটোৱে।

উল্লেখ্য যে, যোৱা ১৬ মাৰ্চৰ দিনা এক ফেইচবুক পোষ্টযোগে ২৯ বছৰ বিজেপি দলৰ হৈ কাম কৰি অহা আৰ পি শৰ্মাই তেওঁৰ নামটো ৰাজ্যিক সমিতিয়ে প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত নকৰাৰ ক্ষোভত দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।