আনিছুৰ আলী
গৌৰিপুৰ
১ ফেব্ৰুৱাৰী

গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুল হানিফ তালুকদাৰ অৱসৰ গ্ৰহণ কৰিলে। ১৯৮৫ চনতে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগত প্ৰবক্তাৰূপে যোগদান কৰা ড° তালুকদাৰ ২০১৮ চনত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে ড° আব্দুল হানিফ তালুকদাৰ অধ্যক্ষৰ আসন অলংকৃত কৰা মহাবিদ্যালয়খনৰ প্ৰথমজন প্ৰাক্তন ছাত্ৰ। তেওঁৰ অৱসৰৰ দিনটোৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগে এখন সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰে। সহযোগী অধ্যাপক মনছুৰ আলী সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৰ্থনীতি বিভাগৰ নিয়মিত ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত থাকি ড° আব্দুল হানিফ তালুকদাৰক বিভিন্ন উপহাৰ প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণৰ স্মৃতি স্মৰণ কৰে। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক হাছিব মহম্মদ ইকবালে আগ ধৰা সম্বৰ্দ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰ্থনীতি বিভাগৰে সহকাৰী অধ্যাপক দুলাল চন্দ্ৰ কৰ্মকাৰ, চমু বক্তব্য ৰাখে মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° আমিনুৰ ইছ্লাম আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তাইবুল ইছ্লাম মোল্লা। বিশেষ অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী ধীৰেন্দ্ৰ নাথ ৰায় আৰু চিলাৰায় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক প্ৰকাশ চক্ৰবৰ্ত্তী। প্ৰকাশ চক্ৰবৰ্ত্তীয়ে তেওঁৰ ভাষণ প্ৰসংগত ড° আব্দুল তালুকদাৰৰ সৈতে থকা অন্তৰংগ সম্পৰ্কৰ কথা দোহাৰি অতিতৰ স্মৃতি ৰোমন্থন কৰে।

ড° আব্দুল তালুকদাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষকৈ অৰ্থনীতি বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষভাৱে এগৰাকী জনপ্ৰিয় শিক্ষক হিচাপে পৰিচিত আছিল।
ড° আব্দুল তালুকদাৰৰ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে তেওঁৰ জনপ্ৰিয়তাৰ কথাকে প্ৰমাণ কৰে।