আনিছুৰ আলী
গৌৰিপুৰ
২ ফেব্ৰুৱাৰী

সমাগত অসম বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ সমান্তৰালে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল।

দেওবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বুৰিৰমাৰাইত ৰাইজৰ দলৰ ডুমৰদহ আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ গৌৰীপুৰ সমষ্টিৰ সভাপতি মনছুৰ ৰহমান, ধুবুৰী জিলা উপ-সভাপতি অপিউল হক আৰু সমষ্টিখনৰ ৰাইজৰ দলৰ কৰ্মকৰ্তা সকল। সভাত মনছুৰ ৰহমানে ২৪ নং গৌৰীপুৰ সমষ্টিত দলে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা প্ৰাৰ্থী গৰাকী বিপুল ভোট লাভ কৰি সমষ্টিটোত জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। ৰাইজৰ দল জনতাৰ দল বুলিও মন্তব্য কৰে গৌৰীপুৰ সমষ্টিৰ সভাপতি মনছুৰ ৰহমানে।

ইফালে কাৰাবন্দী হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অতি সোনকালে মুক্তি দিবলৈ চৰকাৰক দাবী জনায় ধুবুৰী জিলা সমিতিৰ উপ-সভাপতি অপিউল হক। আগন্তক বিধানসভা নিৰ্বাচনত অসমত ৰাইজৰ দলে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দলৰ কৰ্মকৰ্তা সকলক উদ্দেশ্যি মন্তব্য প্ৰকাশ কৰে ধুবুৰী জিলা সমিতিৰ উপ-সভাপতি অপিউল হকে।