বিশ্বনাথ চাৰিআলী, সংবাদ ৩৬৫ , ১৭ জুলাইঃ বৰ্তমান সময়ত জনজীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে কম্পিউটাৰ শিক্ষাৰ বহল প্ৰয়োগ আছে। তাৰ লগত সংগতি ৰাখি বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দোলন চন্দ্ৰ দাসে বক্তব্য কৰে যে বৰ্তমান সময়ত প্ৰতিজন শিক্ষিত লোকৰ বাবে কম্পিউটাৰ শিক্ষা অপৰিহাৰ্য্য অংগ হৈ পৰিছে। সোমবাৰে বিহালী তথা বৰগাং চেন্টাৰৰ কিছু নিলগত আৰু বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ ৰাস্তাৰ সমীপত এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনৰ মূল বিষয়বস্তু হ’ল দুখীয়া তথা আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে শংকৰদেৱ প্ৰফেচনেল ইনষ্টিটিউট নামৰ সংস্থাটোই ১৬ জুলাইৰ পৰা ২১ জুলাই লৈকে বিনামূলীয়াকৈ কম্পিউটাৰ শিক্ষা প্ৰদান কৰিব । সভাখনত সভাপতিত্ব কৰে জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাই। বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে সাংবাদিক ভূবন লুইটেল আৰু খগেন মটকে। সাম্প্ৰতিক সময়ত কম্পিউটাৰ শিক্ষা যে অপৰিহাৰ্য্য অংগ স্বৰূপ হৈ পৰিছে এই বিষয়ত চমু বক্তব্য প্ৰদান কৰে বিশিষ্ট অতিথিবৃন্দই। সভাখনত কেইবাজনো ব্যক্তি উপস্থিত থাকে। বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী অবনী বৰাই চমু বক্তব্য প্ৰদান কৰাৰ লগতে শংকৰদেৱ প্ৰফেচনেল ইনষ্টিটিউটৰ প্ৰশিক্ষক লুকোমণি দাসে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে শংকৰদেৱ প্ৰফেচনেল ইনষ্টিটিউটৰ সঞ্চালক ৰূপম হাজৰিকাই। হাজৰিকাই কয় যে বিগত ৫ বছৰ পুৰ্বৰে পৰা এই ইনষ্টিটিউটৰ কাম বোৰ তেখেতে কৰি আহিছে আৰ ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট স্বীকাৰ কৰি আহিছে। যিহেতু বতৰ্মান সময়ত কম্পিউটাৰ শিক্ষা অতিকৈ আৱশ্যক সেই বাবে তেখেতে দুখীয়া তথা আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ বাবে ৭ দিনীয়া বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিবলৈ চিন্তা কৰিলে। প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰী সকলে ৩ মহীয়া আৰু ৬ মহীয়া কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব । তেখেতে উল্লেখ কৰিছে যে আমাৰ এই ইনষ্টিটিউটৰ পৰা প্ৰশিক্ষণ লৈ যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সংস্থাপিত হৈছে । এই সভাত অংশ লয় লিজা শইকীয়া হাজৰিকা আৰু ফটো সাংবাদিক অভিষেক বৰুৱাই । প্ৰায় আধা শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত ৰূপম হাজৰিকাই অবগত কৰে যে আমি অকল কম্পিউটাৰ শিক্ষা প্ৰদান কৰাই নহয় বিউটি পাৰ্লাৰৰ চেন্টাৰো প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে ইয়াত আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণ ল’ব পাৰিব বুলি জানিবলৈ দিছে ।