গুৱাহাটী, সংবাদ ৩৬৫, ২১ এপ্ৰিল : ব’হাগ বিহুৰ বিৰতিৰ পাছত আজি পুনৰ আৰম্ভ হয় অসমৰ সৰ্বপ্ৰথম শিশুৰ ফুটবল লীগ “গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ ৷ বিহুৰ পাছৰ উপভোগ্য দেওবাৰটোত আজি পাঁচ শতাধিক শিশু ফুটবলাৰে পুনৰ গুৱাহাটী চিটী এফ চি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্টে অসম ফুটবল সংস্থাৰ সহযোগত নেহৰু ষ্টেডিয়ামত অনুুষ্ঠিত কৰা এই লীগৰ ত্ৰয়োদশ মেচ ডে’ত দৃষ্টিনন্দন ফুটবল শৈলী প্ৰদৰ্শন কৰে ৷

সম্প্ৰতি আকৰ্ষণীয় পৰ্যায়ত উপনীত হোৱা এই লীগৰ অনুৰ্ধ ১১ আৰু অনুৰ্ধ ১৩ শাখাত দলসমূহে নক্‌আউট পৰ্যায়ৰ বাবে শেষ যুদ্ধ অব্যাহত ৰাখিছে ৷

অনুৰ্ধ ১৩ শাখাত ৰিংচাং ঈগল্‌ছ, সৰুসজাই হক্‌ছ, জিটিচি ৰাইনোজ, এজি লিঅ’পাৰ্ডছ, থলুৱা পেন্থাৰ্ছে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে গ্ৰুপ চিত এন এফ আৰ চিতা, জিৱাইএছএফচিচি ড্ৰেগন্স, দিছপুৰ লায়ন্স আৰু খানাপাৰা পেগাছাছে বাকী স্থানকেইটা দখলৰ বাবে তীব্ৰ যুঁজ অব্যাহত ৰাখিছে ৷

অনুৰ্ধ ১১ শাখাত সৰুসজাই হক্‌ছ, জিৱাইএছএফচিচি ড্ৰেগন্স, সংস্কৃতি ৱেৰিয়ৰ্ছ আৰু জিটিচি ৰাইনোজে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে ৷

অনুৰ্ধ ১৩ৰ কোৱাৰ্টাৰ ফাইনেল ৫ মে’ত অনুষ্ঠিত হ’ব ৷ অনুৰ্ধ ১১, ১৩ আৰু ১৪ৰ ছেমিফাইনেল ১২ মে’ত অনুষ্ঠিত হ’ব ৷ ২৬ মে’ত তিনিওটা শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব বুলি গুৱাহাটী চিটী এফচিৰ এটা বিবৃতিত প্ৰকাশ কৰিছে।