নগাঁও, সংবাদ ৩৬৫, ২১ এপ্ৰিল : নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্হিত চৰকাৰী ভূমিত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি । বেদখলকাৰীয়ে দিনে-নিশাই চলাইছে ভূমি খনন । আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহন কৰি এটা দুষ্ট চক্রই মুকলিকৈ চলাইছে এই চৰকাৰী ভূমিত খনন কাৰ্য ।

কোনোধৰণৰ অনুমতি অবিহনেই নম্বৰ প্লেটবিহীন জে ছি বিকে ধৰি বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত দুষ্টচক্ৰটোৱে চলাই গৈছে খনন কাৰ্য্য ।

বিগত ১৫/২০ দিন ধৰি দিনে ৰাতিয়ে এই দুষ্ট চক্রটোৱে মুকলিকৈ চৰকাৰী ভূমিত খনন কাৰ্য চলাই থকাত সৃষ্টি হৈছে বৃহৎ পুখুৰীৰ । মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত জিলিকাই তুলাৰ মহান উদ্দেশ্যৰে নিৰ্মাণ কাৰ্য্য চলি থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ব বিদ্যালয়ৰ নিচেই কাষতেই দুষ্টচক্ৰটোৱে এই দৰে মাটি খান্দি থকা কাৰ্যত জাঙুৰখাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠন ।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অভিযোগ অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমিত এইদৰে খনন চলোৱাত মহান অনুষ্ঠানতো এতিয়া সংকটৰ দিশে গতি কৰিছে । সেইহে চৰকাৰে লওক উচিত ব্যৱস্থা ।

ইফালে স্থানীয় দল সংগঠনৰ অভিযোগ আৰক্ষী প্ৰশাসনে বৃহৎ ধনৰ বিনিময়ত এই দুষ্ট চক্রটোক দিছে ভূমি খননৰ অনুমতি । সেইহে মুকলিকৈ দিনে নিশাই ভূ মাফিয়াই চলাইছে ভূমি খনন ।

স্থানীয় দল সংগঠনে অবৈধ ভূমি খনন চলাই থকা অৱস্থাত বধা প্ৰদান কৰাত ভূমি খনন চলাই থকা এজন গাড়ী চালকে কয় যে কোনো এটা চৰকাৰী বিভাগৰ অভিযন্তাই উক্ত খনন কাৰ্য্য চলাবলৈ প্ৰদান কৰিছে অনুমতি ।

এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত অবৈধ ভাবে ৰাজত্ব কৰা কোন এইজন অভিযন্তা ? এই অভিযন্তাৰ সৈতে আছে নেকি আৰক্ষীৰ গোপন মিতিৰালি? যাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ ।